Breaking

লোকসভা নিৰ্বাচনত পৰাজয়ৰ পিছত প্ৰথমটো পোষ্ট স্মৃতি ইৰাণীৰ, ক’লে আমেথিৰ জনসাধাৰণৰ সেৱা কৰি যাব…

0 35

২০২৪ চনৰ লোকসভা নিৰ্বাচনত আমেথিৰ পৰা পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল অভিনেত্ৰী তথা বিজেপি নেত্ৰী স্মৃতি ইৰাণীয়ে। পৰাজয়ৰ পিছত স্মৃতি ইৰাণীয়ে ছ’চিয়েল মিডিয়াত প্ৰথমটো পোষ্ট কৰি কয় যে এতিয়া তেওঁৰ অনুভৱ কেনেকুৱা? ২০২৪ চনৰ লোকসভা নিৰ্বাচনত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হ’ল ভাৰতীয় জনতা পাৰ্টিৰ স্মৃতি ইৰাণী। কংগ্ৰেছৰ কিশোৰী লালে ৫,৩৯,২২৮টা ভোট লাভ কৰাৰ বিপৰীতে ইৰাণীয়ে লাভ কৰে ৩,৭২,০৩২টা ভোট। পৰাজয়ৰ পিছত স্মৃতি ইৰাণীয়ে নিজৰ ছ’চিয়েল মিডিয়াত এটা পোষ্ট কৰিছিল, যিটো পোষ্ট ক্ৰমান্বয়ে ভাইৰেল হৈ পৰিছে।

পৰাজয়ৰ পিছত স্মৃতি ইৰাণীয়ে আমেথিত জনসাধাৰণৰ সেৱা কৰি যাব বুলি কয়। কিন্তু এই পৰাজয়ৰ পাছতো স্মৃতি ইৰাণীৰ উদ্যম কমি যোৱা নাছিল। স্মৃতি ইৰাণীয়ে আজি উদযাপন কৰাসকলক অভিনন্দন জনাই ছ’চিয়েল মিডিয়াত এটা আৱেগিক পোষ্ট শ্বেয়াৰ কৰে।

পৰাজয়ৰ পিছত ৪ জুন মঙলবাৰে এখন সংবাদমেলত স্মৃতি ইৰাণীয়ে কয় যে, “সেই সকলো বিজেপি দলীয় কৰ্মী আৰু সমৰ্থকক মই কৃতজ্ঞতা জ্ঞাপন কৰিছো যিসকলে সমষ্টি আৰু দলটোক নিষ্ঠাৰে সেৱা আগবঢ়াইছে ৷” আজি মই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু (উত্তৰ প্ৰদেশ) মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ ওচৰত কৃতজ্ঞতা জ্ঞাপন কৰিছো যে তেওঁলোকৰ চৰকাৰে মাত্ৰ ৫ বছৰতে ৩০ বছৰৰ বাকী থকা কাম সম্পূৰ্ণ কৰিলে।

Leave A Reply

Your email address will not be published.