Breaking

গৌৰীপুৰৰ ৰূপচীত লক্ষাধিক টকাৰ চোৰাং কাঠ জব্দ

0 2,053

গৌৰীপুৰৰ পৰ্বতঝোৰা বন সংমণ্ডলৰ অধীনস্থ ৰূপচীত বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ কৰে বন কৰ্মীয়ে। সুদীৰ্ঘ দিন ধৰি পৰ্বতঝোৰা বন সংমণ্ডলৰ এলেকাত এচাম অসাধু দুষ্ট চক্ৰই দিনে নিশাই পাহাৰৰ মূল্যৱান গছ গছনি চোৰাং কৈ কাটি নি চলাই গৈছে এক ৰমৰমীয়া বেহা । যাৰ বিৰুদ্ধে বন কৰ্মীয়ে চলাই গৈছে তীব্ৰ অভিযান । বাঁশবাৰী আঞ্চলিক বন কাৰ্য্যালয়ৰ ৰেঞ্জাৰ দীপক কুমাৰ ৰায়ৰ অশেষ প্ৰচেষ্টাত চোৰাং কাৰবাৰীৰ কৱলৰ পৰা উদ্ধাৰ কৰে বৃহৎ পৰিমাণৰ চোৰাং শাল কাঠ । যোৱা নিশা এক গোপন সূত্রৰ পম খেদি ৰূপচী খণ্ড বন কাৰ্য্যালয়ৰ এলেকাধীন লালকুৰাৰ পৰা বন কৰ্মীয়ে চোৰাং কাৰবাৰীয়ে মজুত কৰি ৰখা শাল কাঠৰ কুণ্ডা জব্দ কৰি ৰূপচী বন কাৰ্য্যালয় লৈ নিয়ে । উক্ত চোৰাং কাঠ খিনিৰ বজাৰ মূল্য লক্ষাধিক টকা হব বুলি বনকৰ্মীয়ে সাংবাদিকক জানিবলৈ দিয়ে । 

Leave A Reply

Your email address will not be published.