Breaking

শ্ৰেণীকোঠাত সমূহত সাপ সোমাই থকাৰ সম্ভাৱনা

0 36

গৰমৰ বন্ধ এতিয়া সমাপ্ত হৈছে।

কাইলৈ চলিত বৰ্ষৰ আগষ্টৰ এক তাৰিখৰ পৰা স্কুল সমূহ খোলা হ’ব।

এনে সময়তে বহুদিন ধৰি স্কুলৰ পাঠদান বন্ধ থকাত শ্ৰেণীকোঠা সমূহত সাপ সোমাই থকাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি।

এই মন্তব্য সৰ্প বিশেষজ্ঞ সৌৰভ বৰকটকীৰ।

তেজপুৰৰ জাহাজ ঘাটৰ পি. এম. শ্ৰী গান্ধী আশ্ৰম প্ৰাথমিক বিদ্যালয়ৰ পৰা এটি সাপ উদ্ধাৰ কৰি সৰ্পবান্ধৱ সৌৰভ বৰকটকীৰ

লগতে বৰকটকীয়ে তেজপুৰৰ সমূহ বিদ্যালয়ৰ পৰিচালনা সমিতিক অনুৰোধ জনায় কয় –

স্কুল সমূহৰ শ্ৰেণীকোঠাৰ পৰিৱেশ পৰিস্কাৰ কৰাৰ পিছত কোঠাসমূহ ভালকৈ নিৰিক্ষণ কৰিহে ছাত্ৰ-ছাত্ৰী সকলক শ্ৰেণীকোঠাত প্ৰৱেশ কৰিবলৈ দিয়া উচিত।

বহুদিন কোঠাৰ নিৰ্জন পৰিৱেশৰ মাজত চিকাৰৰ সন্ধানত থকা সাপ সমূহক পৰিস্কাৰ পৰিচ্ছন্নতাৰ জৰিয়তে আঁতৰাই পঠিয়াব পাৰি।

Leave A Reply

Your email address will not be published.