উচ্চতৰ মাধ্যমিকৰ ফলাফল ঘোষণা ।
উত্তীৰ্ণৰ হাৰ হিচাপত বাণিজ্য শাখাত প্ৰথম স্থানত শিৱসাগৰ জিলা ।
শিক্ষানুষ্ঠান সমূহত উৎসৱমুখৰ পৰিৱেশ ।
নাজিৰাৰ মেজেঙ্গা কেতেকীবাৰীৰ স্নেহা কুৰ্মীয়ে আজি ফলাফল ঘোষণা কৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত ভূ বিজ্ঞান বিষয়ত অসমৰ ভিতৰত প্ৰথম।

পূৰ্বৰ পৰম্পৰা ভংগ কৰি প্ৰথমবাৰৰ বাবে এইবাৰৰ ফলাফলত নাই কোনো শীৰ্ষ স্থান।
উত্তীৰ্ণৰ হাৰ হিচাপত বাণিজ্য শাখাত প্ৰথম স্থান আৰু বাণিজ্য শাখাত দ্বিতীয় স্থানত শিৱসাগৰ জিলা।
কলা শাখা উত্তীৰ্ণ হাৰ 95·91%, বিজ্ঞান শাখাৰ উত্তীৰ্ণ হাৰ 97·60% আৰু বাণিজ্য শাখাত উত্তীৰ্ণ হাৰ ৯৭·৪২%।
শিৱসাগৰ জিলাৰ ফলাফলক লৈ সন্তষ্টি ব্যক্ত কৰিলে বিদ্যালয়সমূহৰ পৰিদৰ্শক দেবজ্যোতি গগৈয়ে।

