জীৱনৰ বেছিভাগ সময় নতুন ঠাইবোৰ ঘুৰি ফুৰি নতুন নতুন অভিজ্ঞতা বুটলি লোৱা, এটা নতুন দিনৰ নতুন সূৰ্যৰ নৱীন পুৱাৰ সোৱাদ লোৱা, নতুন কথা শিকাৰ সৰুৰে পৰা মনত এটা দুৰ্বাৰ হেঁপাহ। এই দুৰ্বাৰ হেঁপাহ বোৰ পুৰণ কৰাৰ স্বাৰ্থতে মোৰ প্ৰিয় বন্ধু চন্দনৰ সৈতে এদিন ছিক্কিম চোৱাৰ হেঁপাহৰ কথা কওতেই তেওঁ লগে লগে হয়ভৰ দি দিন বাৰ ঠিক কৰিলে। তেতিয়াৰ সেই দিনটো আছিল কাতি মাহৰ মাজভাগ। অসমত তেতিয়া শীতৰ প্ৰভাৱ পৰি আছিল যদিও ইমান বেছিও নাছিল! শীতৰ উম বুকুত লৈয়ে ছিক্কিমলৈ বন্ধু চন্দন মই আৰু আমাৰ লগত আন দুজন বন্ধুৰে আমাৰ যাত্রা আৰম্ভ হ’ল। নিউ জলপাইগুড়ি ষ্টেশনত ট্ৰেইনৰ পৰা নামি আগতীয়াকৈ বুক কৰি থোৱা আমি আটায়ে জীপখনত বহি ল’লো । তাৰ পাছত দুয়োফালে অপূর্ব সুন্দৰ সেউজীয়াই আঁৱৰি ৰখা পৰ্বতমালাৰ মাজেৰে একাঁ-বেকা সৰ্পিল গতিৰ পথটোৰে আমাৰ গাড়ীখন আগবাঢ়ি গৈ থাকিল। কিছু সময় পাছত লাহে লাহে পৃথিৱীলৈ গধূলি নামি অহাৰ লগে লগে ক’ৰপৰা এজাক ঘন কুঁৱলিয়ে খেদি আহি আমাৰ বাট ভেটি ধৰিলে আমি উমানেই নাপালোঁ! আমাৰ গাড়ীৰ গতি কমি আহিল। গাড়ীৰ আগৰ হেডলাইট জ্বলাই হৰ্ণ বজায় আগবাঢ়ি থাকিল, আৰু এটা সময়ত গৈ আমাক এটা নিৰ্দিষ্ট স্থানত নমাই দিলে।
কোন কাহানিও গৈ নোপোৱা এখন অচিনাকি ঠাইত গৈ এটা সুন্দৰ পৰিৱেশৰ আহল-বহল পৰিসৰৰ কোঠাটোত আহোম স্বৰ্গদেউৰ দিনৰ খ্যাত মিস্ত্রীৰ দ্বাৰা তৈয়াৰ কৰি উলিওৱা কাঠৰ বিছনাখনৰ ওপৰত কপাহী মখমলৰ গাডীৰে সজাই থোৱা আছে ডাঙৰ বিছনাখন। মই কোঠাটোত সোমায়ে বিছনাখনত জপিয়াই পৰিলো। আহ: কি আৰামদায়ক। গোটেই দিনটোৰ দুঃখ ভাগৰ সকলো দূৰ কৰিবলৈ মনৰ আনন্দত পৰম তৃপ্তিত দীঘল দি পৰিলোঁ বিছনাখনত। ভাবিছিলো! প্রথমতে ভালকৈ দুই তিনি ঘন্টা শুই লম, তাৰ পাছত শুই উঠি খোৱা বোৱা কৰিম। কিন্তু মই ভবা মতে একো নহ’ল, আমি যিখন হোটেলত ৰুম বুক কৰিছিলো, তাত হেনো আঠ বজাৰ পাছত খাবলৈ একো পোৱা নাযায়; খোৱা বোৱা কৰিলে আঠ বজাৰ আদতেই খোৱা টেবুলত বহিব লাগিব। সেয়ে কিছু আনন্দ আৰু কিছু বিষাদ বুকুত লৈয়ে বহি পৰিলো।
এটা সুন্দৰ শীতৰ ৰাতিপুৱা। চৌপাশে ঘন কুঁৱলিৰ চাদৰে ঢাকি ধৰিছে ছিক্কিমৰ পাহাৰীয়া অঞ্চলটোক। কুঁৱলিৰ চাদৰখন বহুত বেছি ডাঠ হোৱা হেতুকে ওচৰত থকা কোনো এটা বস্তুকে ভালকৈ মনিব পৰা নগৈছিল। এই মিঠা ডাঠ ঘন কুঁৱলিৰ আঁৱৰণ ফালি আমি গৈ উপস্থিত হৈছিলোঁ ছিক্কিমৰ আটাইতকৈ অপৰূপ সৌন্দর্যৰে ভৰা জি’ৰ পইন্টত। সমতল ভূমিৰ পৰা প্ৰায় চৈধ্য হাজাৰ ফুট উচ্চতাত অৱস্থিত জি’ৰ পইন্ট। আগে পাছে সৌৱে বাওৱে কেৱল বৰফ আৰু বৰফ। শূন্যতাতো ওলমি আছে বৰফ যেন লগা টুকুৰা টুকুৰ ডাঠ কুঁৱলি। ঠায়ে ঠায়ে সৰু সৰু আকাৰৰ হালধীয়া ফুলৰ বেড্। সেই ফুলৰ একেবাৰে নিচেই কাষতো আছে বৰফৰ দম। এনেতে মুৰ তুলি আকাশলৈ চোৱাত চকুত পৰিল চৰাইৰ দৰে জাক পাতি উৰি যোৱা বৰফ বোৰলৈ ! আচৰিত হ’লো; আৰু লগে লগে মই মোৰ কাষত থকা আন এজন বন্ধুক? ____ সেয়া বৰফ নহয় জানো; __”ক’ত “?
মই পুনৰ আঙুলিয়াই দি ক’লো, সেইবোৰ আকাশত…?
মানুহজনে মোৰ মুখলৈ চাই কৈ উঠিল! নহয়! সেইবোৰ বৰফ নহয়, সেয়া হৈছে ডাঠ কুঁৱলি; লগাত বৰফ যেনেই লাগে যদিও আচলতে বৰফ নহয় বুজিছা…!
মই কিছু সময়লৈ মৌন হৈ পশ্চিম আকাশলৈ উৰি যোৱা কুঁৱলি বোৰলৈয়ে চাই থাকিলো। মোৰ মনটোৱে এটা সময়ো নষ্ট নকৰি সেই উৰি যোৱা কুঁৱলিৰ পাছে পাছে উৰি গ’ল। ইচ্ছা হৈছিল, তাৰ পিঠিত বহি গোটেই ছিক্কিমৰ অপৰূপ সৌন্দর্যবোৰ উপভোগ কৰিব। কিন্তু তেনেকুৱা একো নহ’ল, হঠাৎ মোৰ কাষত থিয় হৈ থকা বন্ধু এজনে মাত লগোৱাত মনটোৱে বেজাৰ কৰি উঠিলে আৰু মৌন হৈ গহীন ভাবত ৰ’ল। তাকে দেখি বন্ধু জনে ক’লে, ব’লা, ব’লা ইয়াৰ পৰা যাও; ইয়াত আৰু অলপ সময় থাকিলে আমিও বৰফ হৈ যাম। বন্ধু জনৰ মুখত এনেহেন আচৰিত কথা শুনি মই সুধিলোঁ,__ আমি কিয় বৰফ হৈ যাম?
__ কিয়? তুমি ইয়াৰ 0° শূন্য ডিগ্রী ছেলছিয়াছ অনুভৱ কৰা নাই নেকি? বন্ধু জনে চকু দুটা ডাঙৰ কৰি চাই কৈছিল মোক।
__ বন্ধু জনৰ কথাত মই কৈছিলোঁ, ‘ ঠাণ্ডা অনুভৱ কৰিছোঁ হয় ঠিকেই। কিন্তু আপুনি কোৱাৰ দৰে মই ইমান ঠাণ্ডা অনুভৱ কৰা নাই।
__ কি? বন্ধু জনে মোৰ কথাত আচৰিত হৈ উঠিছিল।
__ হয়।
আচৰিত মানিছোঁ তোমাক! 0°ছেলছিয়াছ কৰিব পৰাতো কম ডাঙৰ কথা নে? ইয়াৰ স্থানীয় লোক সকলেও সহ্য কৰিব নোৱাৰি গাত দুই তিনিযোৰ ঊণৰ বস্ত্ৰ পৰিধান কৰে, আৰু তুমি…..? বন্ধু জনে কথাখিনি কৈ ৰৈ নাথাকিল, মোক এৰি থৈ কিছু দূৰ আগুৱাই যোৱাত ময়ো সেই জি’ৰ পইন্টত 0° জি’ৰ ডিগ্রী ছেলছিয়াছ ৰ ঠাণ্ডাক তাতেই থৈ আমি আমাৰ গন্তব্য স্থানত উভতিলো। অপৰূপ সৌন্দর্যৰে ভৰা ছিক্কিমৰ জি’ৰ পইন্টৰ বৰফ, আৰু তাৰ মনোমহা প্ৰাকৃতিৰ দৃশ্যক দুচকুত আঁকি ৰাওনা হ’লো হানতেড্ হাউচ্ আৰু ড্ৰেগন হাউচ্ লৈ।ড্ৰেগন হাউচ্! প্রথমে নামটো শুনিয়েই মনত বিৰাট ভয় লাগিছিল। গাড়ীৰ ভিতৰত বহি খিৰিকিৰে মুখখন বাহিৰলৈ উলিয়াই দি লক্ষ্য কৰি গৈছিলো ড্ৰেগন হাউচ্ লৈ যোৱা পৰিৱেশটো। পথটোৰে বহুদূৰ বাট অতিক্রম কৰিলো, কিন্তু বাটত ক’তো এটা জীৱ আৰু এজন মানুহ আমাৰ চকুত নপৰিল। তেতিয়া আৰু মনত বেছিহে ভয় সোমাইছিল! আধামান বাট যোৱাৰ পাছত আমাৰ গাড়ীখন অলপ ৰৈ দিলে। আমিও নামি দিলো। গাড়ীৰ পৰা নামি ইফালে সিফালে ভালকৈ চালো যদিও একো এটা চকুত নপৰিল। দিনৰ ভাগতে শূন্যতাই পিয়াপি দি ফুৰিছিল নিদ্রা দেৱীৰ কোলাত শুই পৰা পৰিৱেশটোৱে ভয় আৰু এটা সন্দেহক জগাই ৰাখিছিল। সঁচাকৈ, ঠাইডোখৰত প্ৰৱেশ কৰিলেই মনটোৱে আপুনা আপুনি ভয় আৰু শংকাত কঁপি উঠে। সিঁয়ৰি উঠে গাৰ নোমবোৰ। এনে লাগে আমাৰ পাছফালে যেন কোনোবা এটা থিয় হৈ আছে, আৰু আমি ঘুৰি চালে তাক দেখা নাপাও। কেতিয়াবা এনেও লাগে, যেতিয়া আমাৰ চকুহালে গছৰ ফাকেৰে দূৰলৈ লক্ষ্য কৰে, মনত ভাব হয় তাৰপৰা যেন এতিয়াই ড্ৰেগনটো ওলাই আহিব আৰু আমাৰ ওপৰত আক্ৰমণ কৰিব।
এনেতে আমাৰ আটাইকেইজন বন্ধুৱে দৌৰা দৌৰিকৈ আহি গাড়ীত বহিলে। তেওঁলোকৰ লগত ময়ো বহিলো হয়, কিন্তু কথাটোহে নুবুজিলো; হঠাৎ এনেকৈ তেওঁলোকে কিয় আঁতুৰ লগাইছে, মই কিবা এটা সুধিম, তেনেতে বন্ধু এজনে কৈ উঠিল, __” ইয়াত এনেকৈ মৰিবলৈ ইচ্ছা নাই! এই বিশাল প্ৰান্তৰলৈ কেৱল শূন্যতাই ঘেৰি ধৰিছে। এতিয়ালৈ এই ৰাস্তাত এজনো মানুহ নেদেখিলো। মানুহতো দূৰৰে কথা, আনকি অন্য জীৱ এটাও চকুত নপৰিল আমাৰ, মৰোঁ যদিও হানতেড্ হাউচ্ ত মৰিমগৈ ইয়াত নহয়। তাত এজন হ’লেও মানুহ দেখা পাম নিশ্চয়! সেয়ে তালৈ ব’লা… বুলি কৈ চালকজনক গাড়ী চলাবলৈ চালকজনক নিৰ্দেশ দিলে। কিছু সময় পাছত আমি হানতেড্ হাউচ্ ত উপস্থিত হ’লো। গাড়ীৰ পৰা নামিয়েই দেখিলো, হানতেড্ হাউচ্ ৰ কাষতে থকা এডোখৰ ঠাইত কেইবাজনো মানুহ একগোট হৈ দূৰণিৰ পাহাৰখনলৈ ধ্যানমগ্ন হৈ কিবা এটা চাই আছে; আমিও পোনে পোনে তালৈ গৈ তেওঁলোকে নো কি চাই আছে, তাকে লক্ষ্য কৰিলোঁ। তেওঁলোকৰ কাষত গৈ গম পালো যে বহু বছৰ আগতে এটা চিমেন্ট বালিৰে তৈয়াৰ কৰি উলিওৱা বিশাল আকাৰৰ ড্ৰেগনৰ মূৰ্তি। ময়ো দেখি প্রথমে বহুত ভয় খাইছিলোঁ, পাছত ভয়ে ভয়ে সজাই থোৱা ড্ৰেগনৰ মূৰ্তি টোৰ কাষত গৈ মই এবাৰ থিয় হোৱাতহে মনৰ পৰা কিছু ভয় শংকা দুৰ হৈছিল।
লেখকঃ মুন ৰাজবংশী