Snowfall in Odisha:অভূতপূৰ্ব ঘটনাঃ শীতপ্ৰবাহে কাবু কৰা ওড়িশাত হিমপাত!

গুৱাহাটী, ১৭ ডিচেম্বৰঃ দেশৰ কেইবাখনো ৰাজ্যত এতিয়া শীতপ্ৰবাহে(Snowfall in Odisha) সংহাৰৰ সৃষ্টি কৰিছে। ইয়াৰ পৰা হাত সাৰিব পৰা নাই ওড়িশাও(Orissa)। ওড়িশাত শেহতীয়াকৈ বহু ঠাইৰ পৰা আহিছে হিমপাতৰ ঘটনাৰ খবৰ।

পূৰ্বেকেতিয়াও হিমপাত নোহোৱা ওড়িশাত হঠাতে হিমপাত হোৱাত বতৰ বিজ্ঞানীসকলো আনকি আচৰিত হৈ পৰিছে। উত্তাপ ৩ ডিগ্ৰী চেলছিয়াছৰ তললৈ যোৱাৰ পিছতে ওড়িশাৰ বিভিন্ন ঠাইত দেখা পোৱা গৈছে বৰফ।(winter wonderland)

ওড়িশাৰ সুন্দৰগড়ৰ কইডা আৰু ময়ুৰভঞ্জৰ(Sundergarh and Mayurbhanj) বিভিন্ন অঞ্চলত বৰফ পৰাৰ লগতে তাপমাত্ৰা তিনি ডিগ্ৰী চেলছিয়াছৰ তললৈ অৱনমিত হৈছে। কইডা অঞ্চলৰ বহু ঠাইত মুকলি পথাৰ আৰু ওপৰৰ বাহনত বৰফে পাতল চাদৰ মেলি দিয়া পৰিলক্ষিত হয়।

ৰাজ্য খনৰ মূলতঃ টেনছা, কলতা, মালদা, কইডা, কাছিৰা অঞ্চলত তাপমাত্ৰা হ্ৰাস পোৱাৰ বাবে হিমপাতৰ ঘটনা ঘটিছে। ইতিমধ্যে সুন্দৰগড় জিলাৰ বাবে ঠাণ্ডাৰ বাবে হালধীয়া সতৰ্কবাণী জাৰি কৰা হৈছে।

ময়ুৰভঞ্জতো বিগত তিনিদিন ধৰি তাপমাত্ৰা ৩ ডিগ্ৰী চেলছিয়াছৰ তলত থকাত তীব্ৰ ঠাণ্ডা পৰিস্থিতিৰ সৃষ্টি হৈছে। ছিমিলিপালতো হিমপাত হোৱা দেখা গৈছে। ইফালে এই শীতপ্ৰবাহৰ বাবে দৈনিক মজুৰি কৰা শ্ৰমিক, কৰ্মচাৰী, ছাত্ৰ-ছাত্ৰী, আৰু বৃদ্ধসকলৰ বহু অসুবিধা হৈছে।

ইপিনে উষ্ণতা হ্ৰাস পোৱাৰ লগে লগে পৰ্যটকৰ ভিৰো বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। বহুতে হিমপাতৰ দৃশ্য প্ৰত্যক্ষ কৰি নয়ন জুৰাইছে।

Related Articles