Breaking

কাহিলীপাৰাৰ নিবাসী সমাজকৰ্মী ভৱেশ দাসৰ বিয়োগ…

0 24

মহানগৰীৰ শিলপুখুৰীৰ আৰু বৰ্তমান কাহিলীপাৰাৰ নিবাসী সমাজকৰ্মী আৰু অতি সৰবৰহী ব্যক্তি ভৱেশ দাসৰ সোমবাৰে সন্ধিয়া ৫.৩০ বজাত নিজ বাসভৱনত হৃদ ৰোগত আক্ৰান্ত হৈ পৰলোক প্ৰাপ্তি ঘটে৷ মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৬৯ বছৰ৷

বিভিন্ন সামাজিক অনুষ্ঠানৰ সৈতে জড়িত ভৱেশ দাসৰ মৃত্যু হোৱাৰ খৱৰে অঞ্চলটোত শোকৰ ছাঁ পেলায়৷ মৃত্যুৰ সময়ত তেওঁ পত্নী আৰু অসংখ্য আত্মীয় স্বজনক এৰি থৈ যায়৷ পৰিয়ালৰ সদস্যসকলৰ লগতে অসংখ্য গুণমুগ্ধৰ উপস্থিতিত ০৮ জুলাইত নৱগ্ৰহ শ্মশানত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হয়৷

Leave A Reply

Your email address will not be published.