Breaking

Social Worker : সমাজ সেৱিকা দময়ন্তী পাণীলৈ অমলপ্ৰভা সৰ্বোদয় বঁটা…

56

মধ্যপ্ৰদেশৰ চত্তৰপুৰৰ গান্ধী আশ্ৰমৰ সঞ্চলিকা, সমাজ সেৱিকা (Social Worker ) দময়ন্তী পাণীলৈ তেওঁ সমাজলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে চলিত ২০২৪ বৰ্ষৰ ‘অমলপ্ৰভা সৰ্বোদয় বঁটা’ৰ বাবে নিৰ্বাচিত কৰা হৈছে। দুই ছেপ্টেম্বৰত গুৱাহাটীৰ উলুবাৰীস্থিত শৰণীয়া আশ্ৰমত সৰ্বোদয় ট্ৰাষ্টৰ স্থায়ী সভাপতি মোহনদাস ভাণ্ডাৰীৰ সভাপতিত্বত অনুষ্ঠিত এখন সভাত “অমলপ্ৰভা সর্বোদয় বঁটা ২০২৪”ৰ বাবে মধ্যপ্ৰদেশৰ চত্তৰপুৰ গান্ধী আশ্ৰমৰ (Gandhi Ashram )সঞ্চালিকা,সমাজ সেৱিকা দময়ন্তী পাণীৰ নামটো সৰ্বসন্মতভাৱে নিৰ্বাচিত কৰা হয় ৷

ট্ৰাষ্টৰ সচিব, অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগৰ অৱসৰপ্ৰাপ্ত মুখ্য অভিযন্তা নয়ন ভাণ্ডাৰী শৰ্মাই জানিবলৈ দিয়া মতে এই বঁটা অহা ১২ নৱেম্বৰত শৰণীয়া আশ্ৰমত মুক্তিযোদ্ধা তথা বিশিষ্ট সমাজকর্মী প্রয়াত অমলপ্ৰভা দাসৰ ১১৩ সংখ্যক জন্ম জয়ন্তী উপলক্ষে অনুস্থিত হবলগীয়া এক অনুষ্ঠানত তেঁওক এই সন্মানীয় বঁটা (Prestigious Award ) প্ৰদান কৰা হব ৷ এই বঁটাত আছে নগদ ৫০ হাজাৰ টকাৰ চেক , এখন প্রশস্তি পত্ৰ, এখন শৰাই, এৰী চাদৰ আৰু এখন ফুলাম খাদী গামোছা।

লগতে পঢ়ক ::পলাতক চুমি বৰাৰ বাহনৰ সন্ধান! ক’ত আত্মগোপন কৰি আছে চুমি বৰাই…

তদুপৰি অনুষ্ঠানতেই ৬ গৰাকী মেধাৱী, পিতৃ – মাতৃহীন ছাত্র-ছাত্রীক (Students) ছয় হাজাৰ টকাকৈ বছৰেকীয়া জলপানী প্ৰদান কৰা হব। তাৰোপৰি শ্ৰীমন্ত শঙ্কৰদেৱ চিকিৎসা বিজ্ঞান বিশ্ববিদ্যালয়ৰ স্নাতক পৰীক্ষাত শল্যচিকিৎসা আৰু স্ত্ৰীৰোগ বিষয়ত সর্বোচ্চ নম্বৰ প্ৰাপক দুগৰাকী চিকিৎসকক ডাঃ হৰিকৃষ্ণ দাস আৰু ডাঃ তিলোত্তমা ৰায়চৌধুৰী বঁটা প্ৰদান কৰা হব ৷ এই বঁটাত নগদ ১৫ হাজাৰ টকা আগবঢ়োৱা হব ।

Published by: Jebin Sultana

Comments are closed.