Breaking

সমাজকৰ্মী কৃষ্ণ দত্তক ‘দৈনন্দিন বাৰ্তা গোষ্ঠী’ৰ সম্বৰ্ধনা

0 102

দৈনন্দিন বাৰ্তা গোষ্ঠীয়ে অতিক্ৰম কৰিলে চৈধ্যতা বছৰ। ‘দৈনন্দিন বাৰ্তা গোষ্ঠী’ক দীৰ্ঘজীৱী কৰাৰ উদ্দেশ্যৰে ‘ঘৰে ঘৰে দৈনন্দিন বাৰ্তা’, ‘ঘৰে ঘৰে আলোকপ্ৰভঞ্জন’, ‘ঘৰে ঘৰে আসাম ৰাইজিং’ আৰু ‘মোবাইলে মোবাইলে ডি বি নিউজ’ – এক ব্যতিক্ৰমী কায্যসূচী গ্ৰহণ কৰিছে। সেই কায্যসূচীত সমাজৰ বিভিন্ন দিশত সেৱা আগবঢ়োৱা ব্যক্তিসকলক বাৰ্তা গোষ্ঠীটোৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হৈছে। এই কায্যসূচী মঙলবাৰে উত্তৰ যোৰহাটতো সম্পন্ন কৰে।

উত্তৰ যোৰহাটৰ নাওঁবৈচা গাঁৱৰ বিশিষ্ট সমাজকৰ্মী আৰু ৩৫ নং পটীয়া ফকলা গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি কৃষ্ণ দত্তক ( ৰাজু ) কাকত গোষ্ঠীটোৰ তৰফৰ পৰা নিজা বাসগৃহতে সম্বৰ্ধনা জনোৱা হয়। দৈনন্দিন বাৰ্তাৰ স্থানীয় সাংবাদিক জগন্নাথ অগ্নি বৰা, মৰিয়নীৰ সাংবাদিক কৃষ্ণ প্ৰসাদ শৰ্মাই সমাজকৰ্মী গৰাকীক গামোচা, সম্বৰ্ধনা পত্ৰ আৰু বাতৰি কাকতৰ এটি টোপোলা আগবঢ়াই সম্বৰ্ধনা জনাই।

স্থানীয় সমাজকৰ্মী ব্যক্তি বিশ্বজিত বৰা উপস্থিত থকা সম্বৰ্ধনা কায্যসূচীত সম্বৰ্ধিত ব্যক্তি গৰাকীয়ে ‘দৈনন্দিন বাৰ্তা গোষ্ঠী’ৰ এনে কায্যক ভূয়সী প্ৰশংসা কৰাৰ লগতে বাৰ্তা গোষ্ঠীটো দীৰ্ঘজীৱী হোৱাৰ কামনা কৰে। উল্লেখযোগ্য যে সমাজকৰ্মী কৃষ্ণ দত্তই সমাজখনৰ সকলো স্তৰৰ ৰাইজৰ লগত থাকি সমাজৰ কল্যাণ মূলক সেৱাৰ লগতে আৰ্তজনক কভিড কালত খাদ্য সমগ্ৰী, কাপোৰ আদি আগবঢ়োৱাৰ উপৰিও বিভিন্ন সময়ত আৰ্থিক ভাৱে দুৰ্বল ছাত্ৰ ছাত্ৰীক শিক্ষাৰ ক্ষেত্ৰত সহায় আগঢ়াই থকাৰ লগতে চিকিৎসা সেৱা উপলব্ধ কৰাত অৰিহণা যোগাই আহিছে।



Leave A Reply

Your email address will not be published.