টীয়কৰ পিতৃ মাতৃহীন দুই অনাথৰ শিক্ষাৰ দায়িত্ব ললে সমাজ কর্মী তুষাৰ পালে

টীয়কৰ এহাল কণমানি কিশোৰৰ জীৱন সংগ্ৰাম। পিতৃ – মাতৃ অবিহনে দুই ভাতৃ নিথৰুৱা । উৰুখা  পঁজাতে সত্তৰ বছৰীয়া বৃদ্ধ আইতাকৰ সৈতে কটাইছে দুৰ্বিসহ জীৱন । টীয়ক তেলীয়া গাঁৱৰ ১ নং বাৰ্ডৰ এই দুই কিশোৰ হৈছে প্ৰণয় মালাকাৰ আৰু প্ৰিয়াংকুশ মালাকাৰ ।কিছু বছৰ আগতে পিতৃ মাতৃ জটিল ৰোগত আক্রান্ত হৈ নিথৰুৱা এই দুই শিশুৱে আইতাৰ সৈতে কটাবলগীয়া হৈছে জীৱন সংগ্ৰাম। আইতাকে দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়াৰ লগতে অন্যহাতে সপ্তম শ্ৰেণীত পঢ়া প্ৰনয়ে বিদ্যালয় ছুটিৰ পিছত লোকৰ ঘৰত কাম কৰি দুই পইচা অৰ্জন কৰি মোকলাব লগীয়া হৈছে ভাত । জানিব পৰা মতে আইতাক আৰু ভায়েক সকাহ দিবৰ বাবে প্ৰনয়ে কৰি গৈছে এই জীৱন সংগ্ৰাম । আজিলৈকে ঘৰ,বিদ্যুৎ ব্যৱস্থা, শৌচাগাৰ, কে ধৰি চৰকাৰী একো সাহায্য নোপোৱা  এই দুই কিশোৰৰ সংবাদ মাধ্যমত বাতৰি সম্পচাৰৰ পিছতে থিয় দিছে হি মৰিয়নী  চেলেংহাটৰ এগৰাকী মানৱ দৰদী ব্যক্তি তথা ৰাষ্ট্ৰীয় শৰীৰ চৰ্চাবিদ তুষাৰ পাল । বৰ্তমান দশম শ্ৰেণীলৈকে এই দুই কিশোৰৰ শিক্ষাৰ সমস্ত দায়িত্ব লোৱাৰ লগতে কালি  কিছু শিক্ষণ সঁজুলি  দিয়াৰ লগতে ভৱিষ্যতে প্ৰয়োজনীয় সকলো বস্তুৰ যোগান ধৰাৰ আশ্বাস প্ৰদান কৰে।

Related Articles