বিশ্বজুৰি কৰোণা মহামাৰী বিয়পি পৰাৰ লগে লগে অসমতো সমান্তৰলাকৈ এই মহামাৰীয়ে নিবনুৱা সমস্যাৰ সৃষ্টি কৰিছে| কৰ্মহীন হৈ পৰিছে এচাম শিক্ষিত যুবক-যুবতী| কৰ্মৰ প্ৰভাবে বেয়াকৈ আৰ্থিকভাবে জুৰুলা কৰি আহিছে এই শিক্ষিত নিবনুৱাৰ পৰিয়াল সকলক| যিসকল আমাৰ অসমীয়া বহি ৰাজ্যত থাকি অৰ্থৰ অভাবত ঘৰমুৱা হ’বলগীয়া হৈছে তেওঁলোকক চৰকাৰৰ আঁচনিৰ জৰিয়তে বিভিন্ন কামত নিয়োজিত কৰি নিবনুৱাৰ সমস্যা সমাধান কৰিব লাগে| অসমৰ নিবনুৱা সমস্যা দূৰ কৰাৰ ক্ষেত্ৰত অসম চৰকাৰৰ ভূমিকা সদাই অতি গুৰুত্বপূৰ্ণ নিকা ভাৱমূৰ্তি সম্পন্ন কৰ্ম পৰিকল্পনা হোৱাৰ লগতে হাতত লৈ কৰ্ম বিপ্লৱৰ সূচনা কৰি নিবনুৱা সমস্যা দূৰ কৰাটো মই বিচাৰোঁ। দেশৰ জনসংখ্যা বৃদ্ধি নিবনুৱা সমস্যাৰ মূল কাৰণ যদিও অসমৰ নিবনুৱা সমস্যাৰ কাৰণে ইয়েই প্ৰধান কাৰণ বুলি ক’ব নোৱাৰি৷ আমাৰ ৰাজ্যখনত বহুতো আন কাৰণৰ বাবেও নিবনুৱা সমস্যা দিনক দিনে বৃদ্ধি পাই আহিছে৷ এই ক্ষেত্ৰত চৰকাৰৰ সুস্থ, বাস্তৱ সন্মত পৰিকল্পনা আৰু ব্যৱহাৰিক দিশত ইয়াৰ প্ৰয়োগ মূল কাৰণ বুলি আমি অনুভৱ কৰো৷ আন এটা কাৰণ হৈছে অসমৰ ক্ৰটিপূৰ্ণ শিক্ষানীতি, যি শিক্ষানীতিৰ বাবে শিক্ষিত, অৰ্দ্ধশিক্ষিত নিবনুৱাৰ সংখ্যা প্ৰতি বছৰে বৃদ্ধি পাই আহিছে। বৰ্তমান চাকৰিমুখী শিক্ষা ব্যৱস্থাই ছাত্ৰ-ছাত্ৰীক কেৱল ডিগ্ৰী লাভ কৰাৰ বাবেহে উপযুক্ত কৰি তোলে। বৃত্তিমুখী আৰু কাৰিকৰী শিক্ষাব্যৱস্থাৰ প্ৰচলনৰ অভাৱে ছাত্ৰ-ছাত্ৰীক কেৱল চাকৰিমুখী কৰি তুলাৰ ফলত নিবনুৱাৰ সংখ্যা বৃদ্ধি পাই আহিছে৷ থলুৱা শিল্পৰ প্ৰতি গুৰুত্বহীনতাৰ বাবেও অসমত নিবনুৱাৰ সংখ্যা বৃদ্ধি পাই আহিছে। বিভিন্ন কুটীৰ শিল্পৰ বাবে প্ৰয়োজনীয় কেঁচা মাল অসমত পৰ্যাপ্ত, কিন্তু এই শিল্পৰ কামসমূহ বহু ক্ষেত্ৰত বাহিৰৰ পৰা অহা মানুহ কৰে৷ অসমত উৎপন্ন হোৱা খাৰুৱা তেল শোধন কৰাৰ জোখাৰে তেল-শোধানাগাৰ নোহোৱা বাবে বাহিৰলৈ লৈ যাব লগা হয়। সংৰক্ষণৰ অভাৱত ইয়াৰ অধিকাংশ প্ৰাকৃতিক গেছ পুৰি পেলোৱাৰ বিপৰীতে ইয়াৰ সহায়ত উদ্যোগ চলোৱাৰ ব্যৱস্থা আজিও হৈ উঠা নাই। ইয়াৰোপৰি অসমৰ উদ্যোগসমূহত বহু ক্ষেত্ৰত অসমীয়া যোগ্য লোক থকাৰ পিছতো কৰ্ম সংস্থাপন নাপায়। বহু শিক্ষানুষ্ঠান, কাৰ্যালয়ত পদ খালী থকাৰ পিছতো সংস্থাপন দিয়া দেখা নাযায়। ইয়েও নিবনুৱা সংখ্যা বৃদ্ধিত অৰিহণা যোগাইছে৷ অসমত চৰকাৰে উদ্যোগীকৰণৰ পৰিবেশৰ সৃষ্টি কৰিব নোৱাৰা, অসমীয়া মানুহৰ উদ্যোগীক মানসিকতাৰ প্ৰতি উদাসীন, কৃষিখণ্ডত ব্যাপক সুবিধা থকা স্বত্তেও বিভিন্ন আঁচনিত হোৱা কেলেংকাৰী, মৎস উৎপাদনৰ আচঁনিত দুৰ্ণীতি, কণী, পাচলি আদিৰ বজাৰত চিণ্ডিকেট আদিৰ লগতে চৰকাৰী সু-পৰিকল্পনা আৰু ইয়াৰ সু-প্ৰয়োগৰ অভাৱ আদি দুৰ কৰিলে ৰাজ্যখনৰ নিবনুৱা সমস্যা বহু পৰিমাণে দুৰ হ’ব৷ শেষত এটাই কথা সকলোৰে দৃষ্টি আকৰ্ষণ কৰিব বিছাৰিছো যদিহে চৰকাৰে নিবনুৱা সমস্যা সমাধান বাবে উপযুক্ত পদক্ষেপ গ্ৰহণ নকৰে তেতিয়া হলে আমি উঠি অহা প্ৰজন্মই একো কৰ্মতে লাজ নকৰি নিজে নিজে যি কোনো কাম কৰাৰ মানসেৰে দৃহ সংকল্প ল’ব লাগিব আৰু এক কৰ্ম বিপ্লৱৰ সূচনা কৰি নিজেই আমাৰ কৰ্ম জৰিয়তে এই নিবনুৱা সমস্যা দূৰ কৰাৰ বাবে ব্যবস্থা গ্ৰহণ কৰিব লাগিব।