স্বাস্থ্য বিভাগৰ তৃতীয় বৰ্গৰ পদত লিখিত পৰীক্ষা দিবলৈ আহি পৰীক্ষা দিয়াৰ পৰা বঞ্চিত হল একাংশ প্ৰাৰ্থী

স্বাস্থ্য বিভাগৰ তৃতীয় বৰ্গৰ পদত লিখিত পৰীক্ষা দিবলৈ আহি পৰীক্ষা দিয়াৰ পৰা বঞ্চিত হল একাংশ পাৰ্থী ৷ বিভাগীয় কৰ্তৃপক্ষৰ অদূৰদৰ্শিতাৰ বাৱেই সুদুৰ চিৰাং আৰু বজালী জিলাৰ পৰা জামুগুৰিহাটত উপস্থিত হৈ পৰীক্ষাত বহিব নোৱাৰিলে এই কেইগৰাকী যুৱক ৷ পৰীক্ষাৰ প্ৰৱেশ পত্ৰত সম্পূৰ্ন ঠিকনা নথকা বাবেই বঞ্চিত এই সকল যুৱক৷ প্ৰবেশ পত্ৰত জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় বুলি উল্লেখ কৰাৰ বাৱেই এই সকল যুবক যোৱাকালি নিশাই উপস্থিত হয় জামুগুৰি হাটত৷

পিছে আজি প্ৰবেশ পত্ৰত থকা ৰোল নং পৰীক্ষা কেন্দ্ৰত বিছাৰি নেপায় হাহঁকাৰ লাগে এইসকল পৰীক্ষাৰ্থীৰ৷ উল্লেখ্যযে অসমৰ গোলাঘাট,নগাওঁ আৰু লক্ষিমপুৰ জিলাত জামুগুৰি বুলি স্থান থকাৰ উল্লেখ আছে যদিও সম্পূৰ্ণ ঠিকনাৰ অভাবতে পৰীক্ষাৰ্থী কেইজন বঞ্চিত হোৱা বুলি গুৰুত্বৰ অভিযোগ উঠিছে৷

Related Articles