Breaking

মৰাপাটৰ খেতি কৰি বিপদত চাপৰৰ চৰ অঞ্চলৰ একাংশ কৃষক

0 1,895

চাপৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত ধীৰেৰচৰ গাঁও পঞ্চায়তৰ একাংশ কৃষকে মৰাপাট খেতি কৰি বিপদত পৰিছে।  মৰাপাট বিলাক কাটি কাটি পথাৰত পেলাই থৈ‌দেখা গৈছে। কিন্তু পানীৰ অভাৱত কৃষকসকলে মৰাপাট বিলাকক জাক বা গতি লগাব পৰা নাই ইফালে পথাৰতে মৰাপাটবিলাক জ্বলি শেষ হব ধৰিছে। পানীৰ দৰত বিক্ৰি হৈছে দৰিদ্ৰ কৃষকৰ মৰাপাট৷ কপালৰ ঘাম মাটিত পেলাই মৰাপাটৰ খেতি কৰা কৃষক সকলে উচিত মূল্য নাপায় মুৰে কপালে হাত দিছে কৃষকসকলে৷ কৃষকে ২৫০০ টকাৰ পৰা ২৬০০ টকাত বেপাৰীক যাচি দিব লগা হৈছে মৰাপাট৷ প্ৰতি বিঘা মৰাপাট উৎপাদন কৰোতে কৃষকৰ ব্যয় হয় ৩৫০০ টকাৰ পৰা ৪০০০ টকালৈ৷গাঁঠিৰ ধন ভাঙি উৎপাদন কৰা মৰাপাট এতিয়া পানীৰ দৰত বিক্ৰি কৰি মুৰে কপালে হাত দিছে কৃষকে৷ লোকচান কৰি মৰাপাট বিক্ৰি কৰিব লগা হোৱাত চাপৰ‌ অঞ্চলত কৃষকৰ মাজত হাহাকাৰ লাগিছে। কৃষকসকলো খেতি কৰিয়ে লৰা-ছোৱালীক পোহপাল দিয়ে৷ ঘৰ খনৰ সমস্ত খৰছ খেতিৰ ওপৰত্ নিৰ্ভৰশীল৷থীৰেৰচৰ তাৰাংগাপুৰ আদি‌ বহু অঞ্চলৰ কৃষকে মৰাপাটৰ খেতি কৰি হতাশাত ভূগিছে। কৃষক সকলোৱে বিষয়টো ৰাজ্য চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ অনুৰোধ জনাইছে।         আৰু লগতে কয় যে বিলাসীপাৰা পূৱ সমষ্টিৰ বিধায়ক আৰু ধুবুৰী সাংসদৰ ওচৰত কৃষকসকলৰ কোনো মূল্য নাই। তেখেতসক অকল ৰাস্তাই দি আহে আৰু যায় কিন্তু কৃষক সকলৰ খবৰ লবলৈ অকনো সময় নহয়।                           আৰু কয় যে নিৰ্বাচনৰ সময়ত ভোটৰ সময়ত আহি দেখা দি যাব আৰু নিৰ্বাচন শেষ হৈ যোৱাৰ পিছত কোনো খা খবৰ নাই। 

Leave A Reply

Your email address will not be published.