মৰিগাও জিলাৰ মায়ং ৰাজহ চক্ৰৰ অন্তৰ্গত বিভিন্ন খেতি পথাৰ বানৰ কবলত।আজি কেইবাদিন ধৰি নেৰা নেপেৰা বৰষুনৰ ফলত বৃদ্ধি হোৱা ব্ৰহ্মপুত্ৰ আৰু কপিলি নৈয়ৰ বাৰনী পানীয়ে ঠায়ে ঠায়ে খেতি পথাৰ বুৱাই পেলাইছে। বিশেষকৈ মায়ং পুখৰীয়া আৰু ঘগুৱা মৌজাৰ অন্তৰ্গত বহু খেতি পথাৰ বানৰ কবলত। কৃষক ৰাইজে শস্য সমূহৰ পৰা অধিক লাবাম্বীত হোৱাৰ আশাত খেতি কৰিছিল। কিন্তু খেতি সমূহ চপোৱাৰ সময়তে বাঢ়নী পানীয়ে বিস্তাৰ খতি সাধন কৰিছে ।যাৰ ফলত কৃষকৰ আশাত চেচা পানী পৰা পৰিলক্ষিত হৈছে। আৰু কোনোমতে কৃষক সকলে তৌলোংগা নাওৰে পানীৰ পৰা বৰোধান আৰু মাকৈ সমূহ উঠাবলৈ চেষ্টা কৰিছে যদিও বহুত লোকচানৰ সন্মুখীন হৈছে।
আনহাতে মায়ঙৰ বিভিন্ন গাঁৱৰ লগতে নন্দিনীবড়ী গাৱঁৰ প্ৰায় ৫০০ বিঘা বৰোধান কপিলীৰ বানৰ কবলত। বিস্তৰ ক্ষতি সাধন হোৱা খেতিয়ক ক্ৰমে, মেহেৰ আলী, আব্দুল আজিজ, ছুবান আলী, জালাল উদ্দিন , বছৰ আলী, মিনাৰা খাতুন, জয়নবি খাতুন আদি কৃষকৰ লগতে গাঁৱৰ অন্যান্য কৃষৰ ব্যাপক ক্ষতিগ্ৰস্ত হয়।