ধুবুৰী জিলা উপায়ুক্তৰ কঠোৰ নিদৰ্শনাৰ পিছতো একাংশ পঞ্চায়ত সচিব,পঞ্চায়ত সভাপতি আৰু সদস্য দুৰ্নীতিত জড়িতৰ অভিযোগ

ধুবুৰী জিলা উপায়ুক্তৰ কঠোৰ নিদৰ্শনাৰ পিছতো একাংশ পঞ্চায়ত সচিব, পঞ্চায়ত সভাপতি আৰু সদস্য দুৰ্নীতিত জড়িতৰ অভিযোগ।যোৱা কিছুদিন পূৰ্বে ধুবুৰী জিলা উপায়ুক্তয়ে,এখন হেপ্ললাইন নম্বৰ মুকলি কৰি প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ গৃহনিৰ্মাণত কোনোবাই দুৰ্নীতি কৰিলে হেল্পলাইন নম্বৰত অভিযোগ দাখিল কৰিৱলৈ জনাইছিল আহবান।কিন্তু উপায়ুক্ত গৰাকীৰ আহবানক কেৰেপ নকৰে একাংশ পঞ্চায়ত প্ৰতিনিধিয়ে ।এতিয়াও একাংশ পঞ্চায়ত সচিব, পঞ্চায়ত সভাপতিকে ধৰি পঞ্চায়ত সদস্যই প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ গৃহনিৰ্মাণৰ জিও টেকৰ নামত গৰীব দুখিৱাৰ পৰা ২০০০ টকাকৈ ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপিত হৈছে।ধুবুৰী জিলা উপায়ুক্তই যোৱা কিছুদিন পূৰ্বে এটা ৱাটছএপ নম্বৰ 9387549702 মুকলি কৰিছিল।এই ৱাটছএপ 9387549702 নম্বৰ যোগেদি ধৰ্মশালা গাওঁ পঞ্চায়তৰ পঞ্চম খণ্ড গাওঁৰ এগৰাকী হিতাধিকাৰীয়ে পঞ্চায়ত সদস্য আব্দুল ৰোফিক নামৰ পঞ্চায়ত সদস্যৰ বিৰুদ্ধে ধন সংগ্ৰহৰ অভিযোগ দাখিল কৰিছিল।


হিতাধিকাৰীৰ অভিযোগৰ ভিত্তিত উপায়ুক্ত গৰাকীয়ে তদন্তৰ বাবে উপস্থিত হয় গৌৰীপুৰ ব্লকত।তদন্ত ত পঞ্চায়ত সদস্য আব্দুল ৰফিক ধন সংগ্ৰহৰ অভিযোগ প্ৰমাণিত হোৱাত কঠোৰ ব্যৱস্থা গ্রহণ ৰ নিৰ্দেশ জিলা উপায়ুক্তৰ।পঞ্চায়ত সদস্য ৰ বিৰুদ্ধে এজাহাৰ দাখিলৰ নিৰ্দেশ খন্ড উন্নয়ন বিষয়াক।

Related Articles