একাংশ দোকানীয়ে ১০টকীয়া মুদ্ৰা কিয় নলয়?

বিভিন্ন সময়ত দেখা যায় যে, ১০টকীয়া মুদ্ৰা বহু দোকানীয়ে ল’ব নিবিচাৰে। আমাৰ অসমতেই বিভিন্ন জিলাত এই অসুবিধাত ভোগে বহুজন লোক। এই অসুবিধাৰ সন্দৰ্ভত ৰাজ্যসভাত শেহতীয়াকৈ এক লিখিত প্ৰশ্নৰ উত্তৰত চৰকাৰে স্পষ্ট কৰি দিছে যে, ১০টকীয়া মুদ্ৰাক লৈ কোনো দোকানীয়ে অনিচ্ছা প্ৰকাশ কৰাটো উচিত নহয়।

এই সকলো মুদ্ৰা আৰ বি আইৰ দ্বাৰা স্বীকৃত আৰু সকলো লেন-দেনৰ বাবে উপযুক্ত। সদনত বিত্ত ৰাজ্য মন্ত্ৰী পংকজ চৌধুৰীয়ে কয়- সমগ্ৰ দেশত বিনাদ্বিধাই প্ৰচলনৰ বাবে উপযুক্ত ১০টকীয়া মুদ্ৰা। যদিহে কোনোবাই এই মুদ্ৰা লোৱাত অনীহা অথবা বন্ধ হব বুলি ভুৱা প্ৰচাৰ চলায় তেন্তে তেনে লোকৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিব পাৰে বুলিও কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সদনত প্ৰকাশ কৰে।

Related Articles