Breaking

কোনোবাই ফ্ৰান্সত বিলাসী এপাৰ্টমেণ্ট আৰু কোনোবাই ৩০ কোটি টকীয়া হাৰ! অনন্ত-ৰাধিকাৰ বিয়াত কোনে, কি উপহাৰ দিলে…

0 39

১২ জুলাইত অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্ট বিবাহপাশত আৱদ্ধ হয়। দেশ-বিদেশৰ বিখ্যাত ব্যক্তিসকলে এই বিয়াত উপস্থিত আছিল আৰু নৱবিবাহিত দৰা-কইনাক সকলোৱে এক সুন্দৰ বিবাহৰ উপহাৰ দিছিল। অনন্ত-ৰাধিকাৰ বিয়াৰ প্ৰতিটো উপহাৰৰ মূল্য লাখ লাখ কোটি কোটি। গতিকে বলীউডৰ প্ৰবীণ তাৰকাসকলে কি বিশেষ উপহাৰ দিলে জানো আহক-

পত্নী গৌৰী আৰু সন্তান দুটাৰ সৈতে অনন্ত আৰু ৰাধিকাৰ বিয়াত শ্বাহৰুখ খান উপস্থিত হৈছিল। সংবাদ মাধ্যম অনুসৰি কিং খানে অনন্ত-ৰাধিকাক বিয়াৰ উপহাৰ হিচাপে ৪০ কোটি টকাৰ বিলাসী এপাৰ্টমেণ্ট উপহাৰ দিছে। আনহাতে অমিতভ বচ্চন আম্বানী পৰিয়ালৰ নিমন্ত্ৰণত উপস্থিত আছিল। বিগ বিৰ উপৰিও জয়া বচ্চন, কন্যা শ্বেতা আৰু তেওঁৰ স্বামী নিখিল নন্দ, সন্তান নব্য নভেলী আৰু অগস্ত্য, অভিষেক বচ্চনকো দেখা গৈছিল। খবৰ অনুসৰি বচ্চন পৰিয়ালে কইনা ৰাধিকা মাৰ্চেণ্টক ৩০ কোটি টকাৰ হীৰা আৰু পান্নাৰ নেকপিছ উপহাৰ দিলে। খবৰ অনুসৰি ৰণবীৰ-আলিয়াই অনন্ত আৰু ৰাধিকাক ৯ কোটি টকাৰ এখন মাৰ্চিডিজ গাড়ী উপহাৰ দিছিল। সিদ্ধাৰ্থ মালহোত্ৰা আৰু কিয়াৰা আদৱানীয়ে ২৫ লাখ টকাৰ এখন হাতেৰে নিৰ্মিত চাদৰ উপহাৰ দিয়ে। অক্ষয় কুমাৰৰ পত্নী টুইংকল খান্নাই অনন্ত আৰু ৰাধিকাক তেওঁলোকৰ বিয়াত ৬০ লাখ টকাৰ সোণৰ কলম উপহাৰ দিছে।

Leave A Reply

Your email address will not be published.