Breaking

সলনি হ’ল সোণাক্ষী সিনহাৰ ইনষ্টাগ্ৰামৰ প্ৰ’ফাইলঃ কি আছে বিশেষ ফটোখনত…

0 33

সোনাক্ষী সিনহা আৰু জাহীৰ ইকবাল ২৩ জুনত বিবাহপাশত আৱদ্ধ হয়। তেওঁলোকৰ অভ্যৰ্থনা অনুষ্ঠানত ছলমান খান, অদিতি ৰাও হাইদাৰী, সিদ্ধাৰ্থ, ৰেখাকে ধৰি বহুতো বলীউডৰ চেলিব্ৰিটি উপস্থিত থাকে। এতিয়া লাহে লাহে নৱবিবাহিত দম্পতী সোনাক্ষী সিনহা আৰু জহীৰ ইকবালৰ বিয়াৰ অভ্যৰ্থনাৰ বহু ফটো, ভিডিঅ’ ইণ্টাৰনেটত প্ৰকাশ পাইছে। এই ফটো, ভিডিঅ’ সমূহ নেটজগতত যথেষ্ট চৰ্চাতও আছে।

সোনাক্ষী সিনহা আৰু জাহীৰ ইকবালে নিজৰ নতুন যাত্ৰা উপলক্ষে ইনষ্টাগ্ৰামৰ ডিপি সলনি কৰে। ইয়াৰ পূৰ্বে সোণাক্ষী সিনহাৰ ইনষ্টাগ্ৰাম প্ৰফাইল পিকচাৰ হীৰামণ্ডি: দ্য ডাইমণ্ড বাজাৰ ছিৰিজৰ পোষ্টাৰ আছিল, আনহাতে জাহীৰ ইকবালে ডিছপ্লে হিচাপে তেওঁৰ এখন সুন্দৰ ছবি ৰাখিছিল। কিন্তু এতিয়া দুয়োৱে সলনি কৰিছে তেওঁলোকৰ ডিপি।তেওঁলোকৰ ইনষ্টাগ্ৰামৰ প্ৰ’ফাইল পটো দেখি ৰঙা শাৰী পিন্ধা সোণাক্ষীয়ে মিঠা হাঁহিৰে সজোৱা দুয়োকে ইজনে সিজনক গভীৰ প্ৰেমত পৰা যেন লাগিছে।

Leave A Reply