Breaking

ধৰ্ম অনুযায়ী নহয় সোনাক্ষীৰ বিয়া বিশেষ বিবাহ আইনত! এই আইনৰ বৈশিষ্ট্য কি…

0 35

সোনাক্ষী সিনহা আৰু জহীৰ ইকবালৰ বিবাহ হ’ব বিশেষ বিবাহ আইন, ১৯৫৪ অনুসৰি, হিন্দু বা মুছলমান নহয়। ২৩ জুন দেওবাৰে নিশা দুয়ো বিবাহপাশত আবদ্ধ হয়। আৰম্ভণিৰে পৰাই সোনাক্ষী আৰু জহীৰৰ বিবাহে হিন্দু হওক বা মুছলমানেই হওক কোনবোৰ নিয়ম মানি চলিব সেই সম্পৰ্কে জল্পনা-কল্পনা চলিছিল। অৱশ্যে সেই জল্পনা-কল্পনাৰ অন্ত পেলালে সোণাক্ষীৰ শহুৰেক ইকবাল ৰতনচিয়ে। তেওঁ কয় যে সোণাক্ষী আৰু জহীৰৰ বিবাহ কোনো ধৰ্মীয় নীতি-নিয়ম মানি চলা নাই। মুছলমান পৰিয়ালত বিবাহপাশত আবদ্ধ হ’লেও সোণাক্ষীয়ে নিজৰ ধৰ্ম সলনি নকৰে বুলি সূত্ৰই প্ৰকাশ কৰিছে। ‘বিশেষ বিবাহ আইন’ অনুসৰি বিয়া হয় সোণাক্ষী-জাহিৰৰ। ইয়াৰ পূৰ্বে অভিনেত্ৰী স্বৰা ভাস্কৰ আৰু সমাজবাদী পাৰ্টিৰ যুৱ নেতা ফাহাদ আহমেদেও এই আইনৰ অধীনত বিবাহপাশত আবদ্ধ হৈছিল।

ভাৰতবৰ্ষত বিবাহ আইন তিনি প্ৰকাৰৰ। ১) হিন্দু বিবাহ আইন ২) মুছলমান বিবাহ আইন আৰু ৩) বিশেষ বিবাহ আইন। এই বিশেষ বিবাহ আইনখন ১৯৫৪ চনৰ ৯ অক্টোবৰত সংসদত গৃহীত হয়। এই আইনখনে কোনো ধৰ্মীয় ৰীতি-নীতি পালন নকৰাকৈ বিবাহৰ অধিকাৰ প্ৰদান কৰে। এই আইনত ধৰ্মান্তৰকৰণৰ কথা কোৱা হোৱা নাই। ধৰ্মীয় পৰিচয় সলনি নকৰাকৈ এজনে বিয়া পাতিব পাৰে।

জাতি-ধৰ্ম নিৰ্বিশেষে সকলো ভাৰতীয় নাগৰিকে এই আইনৰ অধীনত বিবাহপাশত আবদ্ধ কৰিব পাৰিব। আনকি যিসকলে নিজকে ধৰ্মীয় পৰিচয়ৰ বাহিৰত ৰাখিব বিচাৰে, তেওঁলোকেও এই আইনৰ অধীনত বিবাহৰ অধিকাৰ লাভ কৰে।

Leave A Reply