Breaking

Sonapur firing incident:সোণাপুৰৰ গুলীচালনা: কংগ্ৰেছৰ উচটনিতেই অনাকাংক্ষিত ঘটনা সংঘটিত হোৱাৰ দাবী মুখ্যমন্ত্ৰীৰ

21

Sonapur firing incident: বৃহস্পতিবাৰে সোণাপুৰৰ উচ্ছেদস্থলীত সৃষ্টি হয় এক শোকাৱহ ঘটনা ।
উচ্ছেদৰ সময়ত বেদখলকাৰীয়ে উচ্ছেদ অভিযানত নিয়োজিত আৰক্ষী আৰু বিভাগীয় বিষয়াসকলৰ ওপৰত আক্ৰমণ চলায় ।ইয়াৰ প্ৰত্যুত্তৰত আৰক্ষীয়ে গুলীচালনা কৰিবলগা হয় । এই অনাকাংক্ষিত ঘটনা দুজনকৈ বেদখলকাৰী নিহত হয় ।এই ঘটনাৰ পিচত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । (himanta biswa sarma)

সোণাপুৰ উচ্ছেদ অভিযানৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে কয়, “সোণাপুৰ এটা ট্ৰাইবেল বেল্ট ।
এই ট্ৰাইবেল বেল্টত শান্তিপূৰ্ণভাৱে আমাৰ উচ্ছেদ চলি আছিল । অবৈধ দখলকাৰীসকল দৰং আৰু মৰিগাঁও জিলাৰ নিজৰ ঘৰলৈ উভতি গৈ আছিল । পুৱাৰ পৰা কংগ্ৰেছ দলে উচটাবলৈ আৰম্ভ কৰিলে । তেতিয়া তাৰ এচাম মানুহ উগ্ৰ হৈ পৰিল ।”কংগ্ৰেছৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ অভিযোগ, “বিৰোধী দলপতিয়ে পুৱা ১০.৩০ বজাৰ পৰা এই সম্পৰ্কে বিৰোধিতা কৰা আৰম্ভ কৰিলে ।কংগ্ৰেছ দলে জনা উচিত, ট্ৰাইবেল বেল্ট কংগ্ৰেছ দলে আনিছিল । কিন্তু কংগ্ৰেছে এতিয়া ট্ৰাইবেল বেল্টৰ উচ্ছেদৰ বিৰোধিতা কৰি আছে ।যেতিয়া কংগ্ৰেছ দলে ৰাতিপুৱাৰ পৰা উচ্ছেদৰ বিৰোধিতা কৰিলে, তাত মানুহ উগ্ৰ হৈ পৰিল আৰু পুলিচৰ ওপৰত আক্ৰমণ কৰিলে ।” (Police Open Fire During Eviction Drive In Assam’s Sonapur, 2 Dead)

সোণাপুৰৰ ঘটনাত হতাহতৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয়, “এই ঘটনাত উপ-আৰক্ষী আয়ুক্ত, চক্ৰ বিষয়া, সোণাপুৰৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আহত হ’ল ।যাৰ প্রত্যুত্তৰত আৰক্ষীয়ে গুলী চলাবলগীয়া হ’ল । যাৰ ফলত ২ জনকৈ লোক নিহত হোৱাৰ লগতে সাতজন লোক আৰু ২২ জন আৰক্ষীৰ লোক আহত হ’বলগা হয় ।

উচ্ছেদ অভিযান সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়, “ইতিমধ্যে চৰকাৰী মাটিৰ উচ্ছেদ সম্পূৰ্ণ কৰা হৈছে । যিসকলে ম্যাদীপট্টা থকা মাটিত বহিছিল, তেওঁলোকক আঁতৰি যোৱাৰ জাননী দিয়া হ’ব ।
গুৱাহাটীৰ গাতে লাগি থকা এটা অঞ্চলত আজি যিধৰণৰ আক্ৰমণৰ ঘটনা সংঘটিত হ’ল, সি আহিবলগীয়া দিনবোৰৰ কথা আকৌ এবাৰ ভবাই তুলিছে যে আহিবলগীয়া দিনবোৰ কিমান ভয়ংকৰ হ’ব পাৰে ।
কালিলৈকে সকলো ঠিকেই আছিল, কিন্তু আজি কংগ্ৰেছে উৎসাহ জনোৱাৰ পিছতে এনে ঘটনা সংঘটিত হয় । কিন্তু এই উচ্ছেদ অভিযান চলি থাকিব ।”

Comments are closed.