Sonitpur:শোণিতপুৰত কেন্দ্ৰীয় চৰকাৰৰ পৰিদৰ্শকৰ দল

গুৱাহাটী, ২২ নৱেম্বৰঃ ভাৰত চৰকাৰৰ(Union Government) কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ অন্তৰ্গত কলকতাস্থিত মৰাপাট(Agriculture and Farmers Welfare) উন্নয়ন সঞ্চালকালয়ৰ(Directorate of Cotton Development) সঞ্চালক(Director) জিন্টু দাস, ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা অভিযানৰ সমন্বয়ক ড০ সুভদিপ নন্দী আৰু ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা অভিযান ৰাজ্যিক পৰামৰ্শদাতা অৰুণিমা দেৱ চৌধুৰীৰ নেতৃত্বত ২১ নৱেম্বৰত অহা প্ৰতিনিধি দলে শোণিতপুৰ(Sonitpur) জিলা কৃষি বিভাগৰ বিভিন্ন কৃষি ক্ষেত্ৰ পৰিদৰ্শন কৰে।

প্ৰথমে শোণিতপুৰ জিলা কৃষি বিভাগৰ উদ্যোগত তেজপুৰ মাজগাওঁ প্ৰশিক্ষণ কেন্দ্ৰত অনুষ্ঠিত এক অনুষ্ঠানত ডিপোটা কৃষি চক্রৰ প্ৰায় ১৫গৰাকী কৃষকক ৰাষ্ট্রীয় খাদ্য সুৰক্ষা অভিযান আচঁনিৰ অধীনত আনুষ্ঠানিকভাৱে মচুৰমাহৰ মিনিকিট প্ৰদান কৰা হয়।

জিলা কৃষি বিষয়া প্ৰাঞ্জল শৰ্মা, সহকাৰী কৃষি সঞ্চালক মনোজ কুমাৰ নাৰ্জাৰী, মহকুমা কৃষি বিষয়া ড০ জাকিৰ হুছেইন, কৃষি উন্নয়ন বিষয়া পঞ্চমীকা দত্ত, এন.এফ.এছ.এম ৰ জিলা সমন্বয়ক নেকিব আহমেদ, কাৰিকৰি সহযোগী মাধুৰিমা ডেকা, জিলা মিডিয়া বিশেষজ্ঞ বিতোপন শইকীয়া, কৃষি সম্প্ৰসাৰণ সহায়ক নৃপেন ৰাজবংশী, চমছেৰ আহমেদ, বিনয় শৰ্মাৰ উপস্থিতত কৃষকসকলৰ মিনিটত প্ৰদান কৰে।

কৃষকসকলক মচুৰমাহৰ লগতে মাহজাতীয় শস্য খেতিত আৰু অধিক গুৰুত্ব আৰোপ কৰিবলৈ আহ্বান জনোৱাৰ লগতে একেদৰা মাটিতে ঋতু অনুসৰি বিভিন্ন ধৰণৰ খেতি কৰিবলৈ কৃষকসকলক পৰামৰ্শ আগবঢ়াই মৰাপাট উন্নয়ন সঞ্চালকালয়ৰ সঞ্চালক জিন্টু দাস, ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা অভিযানৰ ৰাজ্যিক পৰামৰ্শদাতা অৰুণিমা দেৱ চৌধুৰীয়ে।

ইয়াৰ পাছতে ঢেকিয়াজুলি কৃষি চক্ৰৰ অন্তৰ্গত ভোটপাৰা গাঁৱৰ প্ৰগতিশীল কৃষক সুদৰ্শন দাসৰ কৃষি ক্ষেত্ৰত খাদ্য আৰু পৰিপুষ্টি বিকাশ আচঁনিৰ অধীনত কৰা ৰঞ্জিত চাব ১ ধানৰ প্ৰদৰ্শনমূলক খেতিৰ পৰিদৰ্শন, শস্য কটাৰ লগতে মূল্যায়ন কৰা হয়।

উক্ত অনুষ্ঠানত কেন্দ্ৰীয় চৰকাৰৰ অন্যতম ধ্বজাবাহী আঁচনি ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আৰু পুষ্টি মিছনৰ সফল ৰূপায়ন সন্দৰ্ভত পৰ্যালোচনা কৰাৰ লগতে কাম কাজৰ অগ্ৰগতিৰ খতিয়ান লোৱা হয়।

লগতে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা, নূন্যতম সমৰ্থিত মূল্যত ধান আৰু সৰিঁয়হ ক্ৰয়, এক জিলা এক শস্য মাকৈ খেতিৰ উৎপাদন সন্দৰ্ভত আলোকপাত কৰে।

ইয়াৰ উপৰি কৃষকসকলে কৃষি কৰ্মৰ দ্বাৰা কেনেদৰে উপকৃত হৈছে, কেনেধৰণৰ সমস্যাৰ সম্মুখীন হৈছে, বিভাগীয় আঁচনি আৰু সুবিধাৰ লাভালাভ, শস্যৰ উৎপাদন, বজাৰ সংযোজন আদি বিভিন্ন বিষয়ত মতবিনিময় কৰে।

তেওঁলোকক সংগ দিয়ে জিলা কৃষি বিষয়া, বিভাগীয় অন্যান্য বিষয়ববীয়াসকলৰ লগতে জেষ্ঠ্য কৃষি উন্নয়ণ বিষয়া ইন্দু প্ৰাঞ্জল বৰা ঢেকিয়াজুলি আৰু ৰাক্ষশমাৰী কৃষি চক্ৰৰ সহকাৰী কৃষি পৰিদৰ্শক ধ্ৰুৱ ডেকা, আমিন ভূঞা, দুল দাস, দিপক শৰ্মা কৃষি সম্প্ৰসাৰণ সহায়ক ধ্ৰুৱ দাস, কৃষি সখী পম্পী দেৱী, পশুসখী ৰাধিকা শৰ্মাৰ লগতে শতাধিক কৃষক ৰাইজে।

Related Articles