সততে উদাৰতাৰ বাবে পৰিচিত চনু সুদ বৰ্তমান তেওঁৰ আগন্তুক ছবি ‘ফাতেহ’ৰ বাবে বাতৰিৰ শিৰোনাম দখল কৰিছে। (Sonu Sood) যেতিয়া সমগ্ৰ বিশ্বতে কৰণাৰ দৰে মহামাৰীয়ে মানুহক সমস্য়াত পেলাইছিল, চৰকাৰে লকডাউন জাৰি কৰিছিল। ঘৰৰ পৰা আঁতৰত থকা লোকসকল তাতেই আবদ্ধ হৈ পৰিছিল। এনে সময়তে হিন্দী চিনেমা আৰু দক্ষিণ চিনেমাত খ্যাতি অৰ্জন কৰা চনু সুদে সহায়ৰ হাত আগবঢ়াই সেই সকল মানুহক ঘৰলৈ যাবলৈ সুবিধা কৰি দিছিল। খাদ্যৰ পৰা আৰম্ভ কৰি টকা, কাপোৰ-কানি সকলো সুবিধা কৰি দিছিল অভিনেতাগৰাকীয়ে। আনকি দেশ-বিদেশত আবদ্ধ হৈ থকা লোকসকলক সহায় কৰিবলৈ তেওঁ নিজৰ সম্পত্তি বন্ধকতো ৰাখিছিল।
আজিও কোনোবাই তেওঁক সহায় বিচাৰিলে মুকলি মনেৰে সহায় কৰে। শেহতীয়াকৈ তেওঁৰ উদাৰতাৰ প্ৰতি লক্ষ্য ৰাখি থাইলেণ্ডৰ পৰ্যটন মন্ত্ৰালয়ে তেওঁক ব্ৰেণ্ড এম্বেছাদৰ আৰু সন্মানীয় পৰ্যটন উপদেষ্টা হিচাপে নিযুক্তি দিছে, যিটো ভাৰতৰ বাবেও এক বৃহৎ সন্মান আৰু গৌৰৱৰ বিষয়। চনু সুদে তেওঁৰ এটা সাক্ষাৎকাৰত কৈছিল যে ৰাজনীতিত তেওঁ ডাঙৰ ডাঙৰ অফাৰ পাইছিল, কিন্তু তেওঁ নাকচ কৰিছিল।
শেহতীয়াকৈ তেওঁৰ এটা সাক্ষাৎকাৰত অভিনেতাগৰাকীয়ে প্ৰকাশ কৰে যে তেওঁক মুখ্যমন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰী হোৱাৰ প্ৰস্তাৱো দিয়া হৈছিল। ইয়াৰ উপৰিও তেওঁক ৰাজ্যসভাৰ আসনৰ সুবিধাও দিয়া হৈছিল। কিন্তু এই সকলোবোৰ প্ৰস্তাৱ নাকচ কৰিলে চনু সুদে। অভিনেতাগৰাকীয়ে কয় যে মানুহে হয় টকা উপাৰ্জন কৰিবলৈ নহয় ক্ষমতা লাভৰ বাবে ৰাজনীতিলৈ আহে। মই কোনো ধৰণৰ বৈষম্য নোহোৱাকৈ মানুহক সহায় কৰিব বিচাৰোঁ। স্বাধীনতা হেৰুৱাব বুলি ভয় কৰে অভিনেতাগৰীয়ে। সেইবাবেই তেওঁ ৰাজনীতিত সোমাব নিবিচাৰে।
চনু সুদে চিনেমা ভাল পায়-
লগতে ৰাজনীতিত প্ৰৱেশ কৰাৰ পিছত সফলতাৰ লগে লগে দায়িত্বও বাঢ়ি যায় বুলিও চনু সুদৰ বিশ্বাস। তেওঁ লগতে কয় যে বহু ডাঙৰ ডাঙৰ তাৰকাই যি সপোন দেখে, সেয়া তেওঁ সহজেই পাইছিল, তথাপিও তেওঁ সেয়া মানি লোৱা নাছিল। বৰ্তমান অভিনেতাগৰাকী ব্যস্ত হৈ পৰিছে তেওঁৰ আগন্তুক ছবি ‘ফাতেহ’ৰ প্ৰস্তুতিত। তেওঁ কয় যে তেওঁ চিনেমাক বহুত ভাল পায়। অভিনেতা আৰু পৰিচালক হিচাপে তেওঁ উপাৰ্জন কৰিব বিচাৰে। বৰ্তমান তেওঁৰ মনোযোগ অভিনয়ৰ ওপৰত।