Sonu Sood Wife: পথ দুৰ্ঘটনাত পতিত চনু ছুদৰ পত্নী সোণালী ছুদ

এক পথ দুৰ্ঘটনাৰ সন্মুখীন হৈছে অভিনেতা চনু ছুদৰ পত্নী সোণালী ছুদৰ। লাভ কৰা তথ্য অনুসৰি মুম্বাই-নাগপুৰ ঘাইপথৰ সমীপত সংঘটিত হৈছে এই দুৰ্ঘটনা। (Sonu Sood Wife)এই দুৰ্ঘটনা মঙলবাৰে সংঘটিত হয়। অৱশ্যে এই বিষয়ত এতিয়ালৈকে বিশেষ তথ্য পোৱা নাই। চনু ছুদে অভিনয়েৰে মানুহৰ হৃদয় জয় কৰাৰ বিপৰীতে পত্নীয়ে লাইমলাইটৰ পৰা আঁতৰি থাকে। চনু ছুদৰ পত্নী সোণালীৰ স্বাস্থ্য অৱস্থা জানক।

সোণালী চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে খবৰ অনুসৰি চনু ছুদৰ ঘনিষ্ঠ লোকে চনু ছুদৰ পত্নীৰ দুৰ্ঘটনা হোৱা বুলি কৈছে যদিও চিন্তাৰ কোনো কাৰণ নাই বুলিও কয়। হিন্দুস্তান টাইমছৰ শেহতীয়া বাতৰি অনুসৰি চিকিৎসালয়ত চিকিৎলকে ৪৮-৭২ ঘন্টালৈ পৰ্যবেক্ষণত ৰখা হ’ব বুলি জনাইছে। দুৰ্ঘটনাৰ সময়ত সোণালীৰ ভগ্নীও গাড়ীত আছিল। সামান্য আঘাতপ্ৰাপ্ত হোৱাৰ লগতে বিপদৰ বাহিৰত দুয়ো।

সোণালী ছুদৰ সৈতে ১৯৯৬ চনত বিবাহপাশত আৱদ্ধ হৈছিল চনু ছুদ। চনু ছুদৰ আৰু সোণালীৰ দুজন পুত্ৰ আছে, যাৰ নাম অয়ন আৰু ঈশান্ত। সোণালী লাইমলাইটৰ পৰা আঁতৰি থাকিলেও তেওঁ পেছাত এগৰাকী প্ৰযোজক। আন চলচ্চিত্ৰ তাৰকাৰ পৰা অলপ পৃথক আৰু নিজৰ ব্যক্তিগত জীৱনটো আনৰ পৰা আঁতৰাই ৰাখে।

Related Articles