Breaking

সোনোৱাল কছাৰী কথিত ভাষাত “তীখৰ আৰু চুটিবাই” অডিঅ’ আকাৰে মুক্তি লাভ ।

0 503

বৰদলনিৰ :  

তৃতীয় সৰ্ব বৃহৎ জনজাতি সোনোৱাল কছাৰীসকল নিজা ভাষা-সাহিত্য আৰু সংস্কৃতিৰে চহকী । এই জনজাতিটোৰ কথিত ভাষাত পোন প্ৰথম বাৰৰ বাবে সোনোৱালী ক্ৰিয়েচনৰ উদ্যোগত  সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ “বুঢ়ী আইৰ সাধু”ৰ তীখৰ আৰু চুটিবাই সাধুটো যোৱা ৩০ মে’ তাৰিখে  অডিঅ’ আকাৰে মুক্তি দিয়া হয় সোনোৱালী ক্ৰিয়েচনৰ নিজা ফেচবুক পেজ সোনোৱালী ক্ৰিয়েচনত। লগতে তেওঁলোকৰ ইউটিউব চেনেলটো সাধুটো উপলব্ধ।সাধুটি  সোনোৱাল কছাৰী কথিত ভাষালৈ অনুবাদ কৰিছে জিতুল ৰাজ সোনোৱালে । প্ৰযোজনা ডেনী সোনোৱাল । পৰিকল্পনা আৰু পাঠ হোমেন সোনোৱাল ।  সাধুটিৰ ব্যৱস্থাপনা আৰু সম্পাদনা কৰিছে কল্পজিৎ সোনোৱালে । সাধুটিত সংলাপ আগবঢ়াইছে ক্ৰমে প্ৰসেন সোনোৱাল, হিমাদ্ৰী বৰুৱা, ডাঃ শান্তিৰাম দাস আৰু কল্পজিৎ সোনোৱালে । যিটো সময়ত বিভিন্ন জাতি জনগোষ্ঠীয়ে বিভিন্ন কাৰণত হওঁক  বা প্ৰাশ্চাত্য সংস্কৃতিৰ প্ৰভাৱিত হৈ নিজৰ ভাষা -সংস্কৃতি বিলুপ্তিৰ পথত ঠেলি দিছে ঠিক তেনে সময়তেই সোনোৱালী ক্ৰিয়েচনৰ উদ্যোগত  কেইজনমান ব্যক্তিৰ প্ৰচেষ্টাত  সোনোৱাল কছাৰীসকলৰ ভাষা-সাহিত্য আৰু সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ হৈ কাম কৰা দেখা গৈছে । যিটো সোনোৱাল কছাৰী তথা অসমীয়া সাহিত্যৰ কাৰণে শুভ লক্ষণ বুলি ক’ব পাৰি । ইয়াৰ আগতেও সোনোৱালী ক্ৰিয়েচনৰ উদ্যোগত সম্পূৰ্ণ সোনোৱাল কছাৰী কথিত ভাষাত কবিতা আবৃত্তি প্ৰতিযোগিতা আৰু গীতৰ প্ৰতিযোগিতা আয়োজন কৰি  ৰাইজৰ বিপুল সমাদৰ পাবলৈ সক্ষম হৈছিল । সোনোৱাল কছাৰী কথিত ভাষাত ভৱিষ্যতেও বিভিন্ন পদক্ষেপ হাতত লোৱা হ’ব বুলি ক্ৰিয়েচনৰ কৰ্মকৰ্তাসকলে জানিবলৈ দিছে ।

Leave A Reply

Your email address will not be published.