Breaking

৪২ বছৰীয়া হ’ল বাহুবলীৰ অভিনেত্ৰী অনুষ্কা শ্বেট্টী, অনুৰাগীৰ অপেক্ষা অনুষ্কাৰ বিয়ালৈ…

0 67

অনুষ্কা শেট্টীৰ বয়সঃ ৪২ বছৰত ভৰি দিলে দক্ষিণৰ অভিনেত্ৰী অনুষ্কা শ্বেট্টী। কিন্তু ৪২ বছৰীয়া অনুষ্কাই এতিয়াও বিবাহপাশত আৱদ্ধ হোৱা নাই। মাজে মাজে সহ অভিনেতা প্ৰভাসৰ সৈতে অনুষ্কাৰ নাম সাহোৰ খাই, তথাপিও দুয়োজনে এই খবৰ অস্বীকাৰ কৰি থাকে। কোৱা হৈছে যে আজিও দুয়োৰে মাজত গোপনে সম্পৰ্ক আছে।

কিছুদিনৰ আগতে তেওঁলোকৰ বিয়াৰ খবৰ পূৰ্ণগতিত চলি আছিল যদিও সেয়া নহ’ল। বৰ্তমান দুয়োজনেই নিজৰ আগন্তুক প্ৰকল্পত ব্যস্ত। শীঘ্ৰে মুক্তি পাব প্ৰভাসৰ ছালাৰ। আনহাতে অনুষ্কাইও বছৰ বছৰ পিছত অভিনয়লৈ ঘূৰি আহিছে। বিগত ১৮ বছৰ ধৰি অভিনয়ৰ ক্ষেত্ৰখনত কাম কৰা অনুষ্কাই এতিয়ালৈকে ৫০ খনতকৈও অধিক ছবিত অভিনয় কৰিছে।


Leave A Reply

Your email address will not be published.