দক্ষিণৰ ৰীতি-নীতি আকোঁৱালি বাংলা নিয়ম অনুসৰি বিবাহপাশত আবদ্ধ মৌনী ৰয়

‘অৱশেষত মই চিৰদিনৰ বাবে তেওঁৰ হৈ পৰিলোঁ’- এগৰাকী অভিনেত্ৰীৰ এটি ইষ্টাগ্ৰাম পোষ্টে তোলপাৰ লগাইছে অনুৰাগীক৷ ৰীতি-নীতি অনুসৰি বিবাহৰ বান্ধোনেৰে বান্ধ খায় অভিনেত্ৰীগৰাকী৷ তেওঁ আন কোনো নহয় মোহময়ী অভিনেত্ৰী মৌনী ৰয়৷ বাঙালী পৰম্পৰাৰে হোমৰ জুইক সাক্ষী কৰি, শিৰত সেন্দুৰ পিন্ধিলে অভিনেত্ৰীগৰাকী৷ ইয়াৰ মাজতে, বাঙালী বিবাহখনে ছ’চিয়েল মিডিয়াত ধুমুহাৰ সৃষ্টি কৰিছে। দৰা হৈছে মালায়ালী, কইনা বাঙালী। সেয়েহে বৃহস্পতিবাৰে পুৱা দক্ষিণৰ ৰীতি-নীতি অনুসৰি বিবাহপাশত আবদ্ধ হোৱাৰ পাছত মৌনী ৰয় আৰু সুৰজ নাম্বিয়াই সন্ধিয়া বাংলা নিয়ম অনুসৰি বিবাহপাশত আবদ্ধ হয়।

প্ৰথা অনুসৰি, ৰঙা লেহেংগা পৰিধান কৰিছিল মৌনী ৰয়ে। শিৰত ডাঙৰ মাংটিকা, ডিঙিত সোণৰ গহণা আৰু ৰঙা ওৰণীখনেৰে কইনা সাজত দৃষ্টি আকৰ্ষণ কৰিছিল সকলোৰে। ওৰণীখনত লিখা এটি শব্দই সকলোকে আকৰ্ষণ কৰিছে৷ ওৰণীখনত বাংলাভাষাত নহয়, সংস্কৃতত লিখা আছিল ‘আয়ুষ্মতী ভৱ৷’

পৰম্পৰা অনুসৰি, পাণেৰে মুখখন ঢাকি ৰাখিলে আৰু পাৰিজৰ ওপৰত সাতপাক ঘূৰিলে অভিনেত্ৰীগৰাকীয়ে। ভিডিঅ’টো ভাইৰেল হোৱাৰ লগে লগে, অভিনেত্ৰীগৰাকীৰ অনুৰাগীসকলৰ আৱেগিক হৈ পৰিছিল৷ মালাবৰণ কৰাৰ আগতে দৰাৰ চাৰিওকাষে সাতপাক ঘূৰিলে অভিনেত্ৰীগৰাকীয়ে। আৰু সেই সময়তেই বাজি উঠে – ‘আমাৰ পৰাণ যাহা চায়…’ শীৰ্ষক গীতটি৷ বৃহস্পতিবাৰে মালায়ালী বিবাহৰ পাছত, মৌনীয়ে ইনষ্টাগ্ৰামত লিখিছিল, ‘অৱশেষত মই তেওঁৰ হৈ পৰিলো। হাতত হাত দি, পৰিয়ালৰ আশীৰ্বাদ লৈ, বন্ধুবৰ্গৰ প্ৰেমক শিৰোধাৰ্য কৰি আমি আজি বিবাহিত। মই আপোনালোক সকলোৰে মৰম আৰু আশীৰ্বাদ বিচাৰো। ইতি- সুৰজ আৰু মৌনী।’ মৌনীৰ এই পোষ্টটোৱে আপ্লুট কৰিছিল অনুৰাগীসকলক৷

বিবাহৰ পূৰ্বে মৌনীয়ে কেতিয়াও সুৰজৰ সৈতে থকা সম্পৰ্কৰ বিষয়ে মুকলিকৈ প্ৰকাশ কৰা নাছিল। বিবাহৰ দিনা পুৱা, অভিনেত্ৰীগৰাকীয়ে ইনষ্টাগ্ৰামত প্ৰথম দৰাৰ এখন ফটো পোষ্ট কৰিছিল আৰু নিজৰ বিষয়ে এক অফিচিয়েল ছিল-মোহৰ মাৰিছিল।উল্লেখ্য যে, ডুবাইৰ বিনিয়োগ বেংকাৰ সুৰজ নাম্বিয়াৰ। তেওঁৰ এটা ৰিয়েল ইষ্টেট ব্যৱসায়ো আছে। বাংগালুৰুত সুৰজৰ মূল ঘৰ বুলি জানিব পৰা গৈছে। দুয়োখন ঘৰৰ ৰীতি-নীতি অনুসৰি মৌনী আৰু সুৰজ বিবাহপাশত আবদ্ধ হয়। সামাজিক মাধ্যমত ভাইৰেল ফটো আৰু ভিডিঅ’বোৰে মুহিত কৰিছে সকলোকে৷

Related Articles