Sunita Williams । শ্বাসৰুদ্ধৰ যাত্ৰাৰ অন্ত পৰিল, মুখত এটি মিচিকীয়া হাঁহিলৈ SpaceXৰ Dragon নামি আহিল সুনীতা উইলিয়ামছ ।

অৱশেষত অন্ত পৰিল দীৰ্ঘদিনীয়া অপেক্ষাৰ। মহাশূন্যত মানৱৰ মহাঅভিযানৰ আন এক নিচান উৰুৱাই ইলন মাস্কৰ SpaceX ড্ৰেগনেৰে নামি আহিল পৃথিৱীলৈ।
মহাকাশত প্ৰায় ৯ মাহ কাল কটোৱাৰ পিছত অৱশেষত ধৰাপৃষ্ঠ উপস্থিত হ’ল সুনীতা উইলিয়ামছ আৰু বাচ্চ উইলম’ৰ। আজি পুৱতি নিশা প্ৰায় ৩:২৭ বজাত ফ্ল’ৰিডাৰ সমুদ্ৰ পৃষ্ঠতঅৱতৰণ কৰিলে ইলন মাস্কৰ SpaceXৰ Dragon।

সাগৰপৃষ্ঠত অৱৰতণ কৰাৰ পিছতে জাহাজত উঠোৱা হ’ল SpaceXৰ Dragon। তাৰ পিছতে SpaceXৰ Dragonৰ পৰা পৰ্যায়ক্ৰমে উলিয়াই অনা হ’ল আটাইকেগৰাকী মহাকাশচাৰীক।

তৃতীয়তে ওলাই আহিছিল সুনীতা উইলিয়ামছ। মুখত এটি মিঠা হাঁহি লৈ ড্ৰেগনৰ পৰা ওলাই আহিছিল ‘মহাকাশ পৰী’ সুনীতা উইলিয়ামছ। মহাকাশচাৰীসকল নিৰাপদে ড্ৰেগনৰ পৰা ওলাই অহাৰ লগে লগে উলাহত উৎফুল্লিত হৈ পৰিছিল সমগ্ৰ বিশ্ব।ভাৰতীয় সময় অনুসৰি আজি পুৱা ৩ বাজি ২৭ মিনিটত অন্ত পৰিছিল ISSৰ পৰা ১৭ ঘণ্টীয়া যাত্ৰা।
