Breaking

নকছাৰি আঞ্চলিক ছাত্ৰ সন্থাৰ বিশেষ অভিনন্দন অনুষ্ঠান। পঞ্চাশ গৰাকী কৃতী ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা…

0 1,658

নকছাৰি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত নকছাৰি এৰাগাঁও অৰুণোদয় পুথিভঁৰাল আৰু যুৱক মণ্ডলৰ প্ৰেক্ষাগৃহত আজি এক অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হয়। নকছাৰি আছুৰ সম্পাদক মাধুৰ্য গগৈয়ে আঁত ধৰা অনুষ্ঠানটিত উপস্থিত থাকে তিতাবৰ প্ৰাগজ্যোতিকা শিক্ষানুষ্ঠানৰ সঞ্চালক অচ্যুতদ্বীপ শইকীয়া, তিতাবৰ মহকুমা আৰক্ষী বিষয়া মৈত্ৰেয়ী ডেকা, যোৰহাট জিলা ছাত্ৰ সন্থাৰ সভাপতি সংকল্প গগৈ, সাধাৰণ সম্পাদক অৰ্জুনমনি ভুঞা, আছু কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহক সদস্য জিতু নেওগ, আছু যোৰহাট মহকুমাৰ সভাপতি ৰিয়াজ হুছেইন, নকছাৰি মহাবিদ্যালয়ৰ অধ্যক্ষ উত্তম বৰুৱা, ট মৰিয়নি থানাৰ আৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অৰব আছুৰ সম্পাদক ব বিশিষ্ট ব্যক্তি সকলে বক্তব্য প্ৰদান কৰি কৃতি ছাত্ৰ ছাত্ৰী সকলক উৎসাহিত কৰে।অভিনন্দন অনুষ্ঠানটো আঁত ধৰে নকছাৰি আছুৰ উপদেষ্টা অবিনাশ ফুকন আৰু সম্পাদক মাধুৰ্য গগৈয়ে।

২০২২ বর্ষত কৃতিত্ব সহকাৰে হাই স্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা প্রায় পঞ্চাশ গৰাকী ছাত্ৰ ছাত্ৰীক গছপুলি ,মানপত্ৰ সম্বলিত পুৰস্কাৰ প্রদান কৰি অভিনন্দন জ্ঞাপন কৰা হয়।

Leave A Reply

Your email address will not be published.