Breaking

সৰুপথাৰৰ শ্বহীদ কুশল কোঁৱৰ স্মৃতি ভৱনত আয়োজন কৰা ২০২৪ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ কৃতী ছাত্ৰ-ছাত্ৰীক বিশেষ অভিনন্দন…

0 19

সদৌ অসম গড় সমাজ গোলাঘাট জিলা সমিতিৰ উদ্যোগত ২০২৪ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা কৃতী ছাত্ৰ-ছাত্ৰীসকলৰ বিশেষ অভিনন্দন অনুষ্ঠানটি সৰুপথাৰ নগৰৰ শ্বহীদ কুশল কোঁৱৰ স্মৃতি ভৱনত আয়োজন কৰা হয়।

পুৱা ১১.০০ বজাৰ পৰা আৰম্ভ হোৱা অনুষ্ঠানটিত সভাপতিত্ব কৰে জিলা সমিতিৰ সভাপতি গগন গড় দেৱ, আদৰণি ভাষণ প্ৰদান কৰে জিলা সমিতিৰ সম্পাদক নেমুৰাম গড় দেৱে। উল্লেখ্য যে প্ৰায় শতাধিক ছাত্ৰ -ছাত্ৰীয়ে অংশগ্ৰহণ কৰা উক্ত অভিনন্দন অনুষ্ঠানটিত মুখ্য অতিথি হিচাপে উপস্থিত থাকে সদৌ অসম গড় সমাজ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক লোকনাথ গড়, নিদিষ্ট বক্তা হিচাপে উপস্থিত থাকে সৰুপথাৰ মহাবিদ্যালয়ৰ সমাজতত্ত্ব বিভাগৰ মুৰব্বী অধ্যাপক ড° প্ৰমকান্ত বৰা, বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে কেন্দ্ৰীয় স্বাস্থ্য সম্পাদিকা চাবিত্ৰী আয়েম। লগতে উপস্থিত থাকে সৰুপানী আৰু মৰঙি আঞ্চলিকৰ সভাপতি সম্পাদকসকল তথা পানজান -খনিকৰ গাঁৱৰ সচেতন ৰাইজ। শেষত: জিলা সমিতিৰ শিক্ষা সম্পাদক বিতুল গড়য়ে অনুষ্ঠানটিত উপস্থিত থকা বিশিষ্ট ব্যক্তি সকলক তথা প্ৰত্যেক গৰাকী ছাত্ৰ -ছাত্ৰী, অভিভাৱক সকলক ধন্যবাদ জ্ঞাপন কৰি নিজ শলাগৰ শৰাই সমাপ্ত কৰে।

Leave A Reply