Breaking

আঠগাঁও কুমাৰপাৰাত সুস্বাদু আহাৰৰ ঠিকনা “কাকে দি হাট্টি”ৰ বিশেষ অনুষ্ঠান…

0 29

গুৱাহাটী মহানগৰীৰ মাজমজিয়াৰ আঠগাঁও কুমাৰপাৰাত থকা “কাকে দি হাট্টি” নামৰ ৰেষ্টোৰাখনে সম্পূৰ্ণ কৰিলে সফলতাৰ দুটা বছৰ। এই উপলক্ষে বুধবাৰে সন্ধিয়া ৰেষ্টোৰাখনে এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰে। সফলতাৰ দুটা বছৰ শীৰ্ষক এই অনুষ্ঠানত একাধিক ব্য়ৱসায়ীৰ লগতে বহু বিশিষ্ট লোক উপস্থিত থাকে। প্ৰায় দুশ বছৰৰ বৰ্ণিল ইতিহাস থকা ৰেষ্টোৰাখনত মূলত জৈন খাদ্য সম্ভাৰৰ লগতে পঞ্জাৱী, কন্টিনেন্টল খাদ্য সম্ভাৰ উপলব্ধ হয়।

১০ জুলাই পৰা ১৭ জুলাইলৈ বিশেষ ৰেহাইত খাদ্য অৰ্ডাৰ দি খোৱাৰ বিশেষ ব্যৱস্থা কৰিছে ৰেষ্টোৰা কৰ্তৃপক্ষই। উল্লেখ্য যে অনুষ্ঠানত মুখ্য অতিথি হিচাপে গুৱাহাটীৰ ব্যৱসায়ী তথা সমাজ সেৱক মনোজ পাট্টনি, অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ প্ৰাক্তন সাধাৰণ সম্পাদক ৰাকেশ দাস, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্ৰচাৰক ৰাজ শেখৰ লগতে ৰেষ্টোৰা কৰ্তৃপক্ষৰ কেবাজনো লোক উপস্থিত থাকে। মহানগৰৰ উপলব্ধ বিভিন্ন খাদ্য সম্ভাৰত সংযোজন ঘটাই কাকে দি হাট্টি ৰেষ্টোৰাখনে গৌৰৱৰে নিজৰ যাত্ৰা আগবঢ়াই নিব পাৰিব বুলি সংবাদ মাধ্যমৰ আগত কৰ্তৃপক্ষই আশা প্ৰকাশ কৰিছে।

Leave A Reply

Your email address will not be published.