Breaking

গোগামুখত ছাত্ৰ সন্থাৰ বিশেষ অভিনন্দন-সম্বৰ্ধনা অনুষ্ঠানঃ ৩৩ গৰাকী শিক্ষক-১৫৬ গৰাকী কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা…

0 29

গোগামুখ আঞ্চলিক ছাত্ৰ সন্হাৰ উদ্যোগত আজি গোগামুখত বিশেষ সম্বৰ্ধনা আৰু অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হয়৷ ধেমাজি জিলাৰ গোগামুখস্থিত গোগামুখ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা উক্ত সম্বৰ্ধনা অনুষ্ঠানত ২০২৪ বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত ষ্টাৰ মাৰ্ক আৰু ডিষ্টিংচন পোৱা ১৫৬ গৰাকী মেধাৱী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱাৰ লগতে ৩৩ গৰাকী কৃতি শিক্ষকক অভিনন্দন আৰু সম্বৰ্ধনা জনোৱা হয়৷ বিশেষ অনুষ্ঠানটো  সঞ্চালনা কৰে ধেমাজি জিলা ছাত্ৰ সন্থাৰ উপসভাপতি ঋতুপৰ্ণ কোঁছে৷ অনুষ্ঠানটো উদ্বোধন কৰে গোগামুখ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দিলীপ কুমাৰ ঝাই৷অনুষ্ঠানটোত নিদিৰ্ষ্ট বক্তাৰ ভাষণ দিয়ে ধেমাজি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ড° বনজিৎ ভট্টই৷

অনুষ্ঠানত উপস্থিত থাকে  ধেমাজি জিলা ছাত্ৰ সন্থাৰ সভাপতি সঞ্জীৱ দাস, অসম উন্নতি সভাৰ সম্পাদক জিতু বৰা, এন চি ডি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সুৰজিত দলে, সদৌ অসম ছাত্ৰ সন্থাৰ  প্ৰাক্তন কাৰ্যনিৰ্বাহক শিক্ষক  দীপক বৰগোহাঁই সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক দেবেনডেকা, সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক কমল ৰাভা, সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক কল্পজিৎ সোনোৱাল, ধেমাজি মহকুমা ছাত্ৰ সন্থাৰ সম্পাদক অৰ্নিবান শইকীয়াৰ লগতে গোগামুখৰ  কেইবাখনো বিদ্যালয়-মহাবিদ্যালয়ৰ শিক্ষক, ছাত্ৰ-ছাত্ৰীসকলৰ অভিভাৱক আৰু ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাসকলে উক্ত অনুষ্ঠানতে শিক্ষক কুমাৰ উপাধ্যায়ে প্ৰতি বছৰতেই প্ৰদান কৰা নৰেন্দ্ৰ উপাধ্যায় সোঁৱৰণি বঁটা বৃহত্তৰ গোগামুখ অঞ্চলৰ পৰা ২০২৪ বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সৰ্বোচ্চ নম্বৰ লাভ কৰা হৰিচিৎ উপাধ্যয়ক  প্ৰদান কৰা হয়।

Leave A Reply

Your email address will not be published.