মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিনত মৰিগাঁও-জাগীৰোড ৰাইজৰ বাবে বিশেষ উপহাৰ: নতুন দলংৰ উদ্বোধন । himanta biswa sarma

মৰিগাঁও, ১ ফেব্ৰুৱাৰী: himanta biswa sarma । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিনৰ বিশেষ দিনটোত মৰিগাঁও-জাগীৰোড ৰাইজৰ বাবে এক বিশেষ উপহাৰ প্ৰদান । মুখ্যমন্ত্ৰীয়ে আনুষ্ঠানিকভাৱে উদ্বোধন কৰিলে মৰিগাঁও-জাগীৰোডৰ নতুন নিৰ্মিত “জাগী ভকত গাঁও দলং”।

এই দলংখন নিৰ্মাণৰ উদ্দেশ্য আছিল পূৰ্বৰ ছিংগল-লেন দলংৰ পৰিসীমাৰ সমস্যা সমাধান আৰু অঞ্চলটোৰ ৰাইজৰ দৈনন্দিন যাতায়তৰ অসুবিধা দূৰ কৰা। এই দলংখন ৭১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত নিৰ্মাণ কৰা হৈছে আৰু ইয়াৰ নিৰ্মাণত ৮০.২৫ কোটি টকা ব্যয় কৰা হৈছে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, পূৰ্বৰ দলংখনৰ ঠেক সমস্যাৰ ফলত বিশেষকৈ জোনবিল মেলাৰ সময়ত যান-জোটৰ সৃষ্টি হৈছিল। নতুন এই দলংখনে সেই সমস্যাৰ পূৰ্ণ সমাধান কৰিব আৰু অঞ্চলটোৰ ৰাইজৰ যাতায়ত সহজসাধ্য কৰিব।

মন্ত্ৰী পীয়ূষ হাজৰিকাই জনাই যে, ২০১২ চনত আৰম্ভ হোৱা এই দলংৰ নিৰ্মাণ কাৰ্য দীৰ্ঘদিন বন্ধ হৈ আছিল। কিন্তু ২০২২ চনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত পুনৰ দলং নিৰ্মাণৰ কাম আৰম্ভ কৰা হয়। ক্ষিপ্ৰগতিত কাম সম্পন্ন কৰি দলংখন উদ্বোধন কৰা হৈছে।

এই দলংখনে মৰিগাঁও আৰু জাগীৰোডৰ ৰাইজৰ লগতে অসমৰ অন্যান্য স্থানৰ লোকক সুচল যোগাযোগ ব্যৱস্থা প্ৰদান কৰিব। দলং উদ্বোধনৰ সময়ত উপস্থিত মন্ত্ৰী পূয়ূষ হাজৰিকাই লগতে উল্লেখ কৰে যে, নতুন দলংখনৰ দ্বাৰা জোনবিল মেলাৰ সময়ত আৰু দৈনন্দিন যাতায়তৰ সময়ত সৃষ্টি হোৱা যান-জোটৰ সমস্যাৰ পূৰ্ণ সমাধান হ’ব।

এই নতুন দলংখনে ৰাইজৰ দৈনন্দিন জীৱনত সুবিধা প্ৰদান কৰাৰ লগতে অঞ্চলটোৰ সমগ্ৰ যোগাযোগ ব্যৱস্থা অধিক উন্নত কৰিব বুলি মুখ্যমন্ত্ৰী আৰু মন্ত্ৰী পীয়ূষ হাজৰিকা আশাবাদী।

Related Articles