Breaking

মালিগাঁৱৰ তৰুণৰাম হাইস্কুলত বিশেষ স্বাস্থ্য শিবিৰ…

0 11

কামৰূপ মহানগৰ জিলা ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ উদ্যোগত আৰু পাণ্ডু স্বাস্থ্য খণ্ডৰ সহযোগত ২৭ আগষ্টত মালিগাঁৱৰ তৰুণ ৰাম ফুকন হাইস্কুলত ছাত্ৰ-ছাত্ৰী সকলৰ বাবে বিশেষ স্বাস্থ্য শিবিৰ অনুস্থিত কৰা হয়। ৩৬০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে স্বাস্থ্য পৰীক্ষা কৰা শিবিৰত চকু, কাণ, নাক মনোৰোগ,পৰিপুষ্টিতা আদি কেইবাটাও ৰোগৰ বিশেষজ্ঞ

চিকিৎসকৰ দ্বাৰা স্বাস্থ্য পৰীক্ষা কৰা হয়। মহানগৰ জিলাৰ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডা:উদয় শংকৰ মেধি, পাণ্ডু স্বাস্থ্য খণ্ডৰ অতিৰিক্ত অধীক্ষক ডা: কুমুদ ডেকা ৰাষ্ট্ৰীয় ৱাল স্বাস্থ্য মিছনৰ সমন্বয়ক বৰ্ষা দেবী পাণ্ডু স্বাস্থ্য

খণ্ডৰ সমন্বয়ক নিলাক্ষী দাস, পাণ্ডু স্বাস্থ্য খণ্ডৰ প্ৰৱন্ধক মানস বৈশ্যৰ তত্বাৱধানত অনুস্থিত স্বাস্থ্য শিবিৰত ৰাষ্ট্ৰীয় ৱাল স্বাস্থ্য মিছনৰ চিকিৎসক ডা: হেমন্ত কুমাৰ দাস, ডা: দিপ্তীৰেখা শৰ্মা, ডা:ময়ুৰী ডেকা আৰু ডা: ধনদা দাসে চিকিৎসা সেৱা প্ৰদান কৰে।

Leave A Reply

Your email address will not be published.