নিউজ ডেস্ক: কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী(চমুকৈ চি আৰ পি এফ) ৰ ৩০ নং বেটেলিয়নৰ উদ্যোগত ১২ নবেম্বৰত বিশ্বনাথৰ জৰাবাৰী গাৱঁত সৌৰশক্তিৰে চালিত তিনিটাকৈ অত্যাধুনিক সৌৰ লাইট স্থাপন কৰা হয়। চি আৰ পি এফৰ ‘উৎকৃষ্ট হামাৰা সংকল্প’ শীৰ্ষক বাণীৰে উৎসৰ্গিত এই আচনিৰ দ্বাৰা জৰাবাৰী গাৱঁৰ এক নিৰ্দিষ্ট অঞ্চল নিশাৰ ভাগত উজলি উঠিব। এই সন্দৰ্ভত অঞ্চলটোত অনুষ্ঠিত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত আনুষ্ঠানিকভাৱে উদ্বোধন কৰে চি আৰ পি এফৰ ছেকেণ্ড ইন কমাণ্ড ৩০ বেটেলিয়নৰ ৰাহুল কুমাৰ চাহুৱে । এই অনুষ্ঠানত সহকাৰী কমাণ্ডেট বি ভি সিং, স্থানীয় বিশিষ্ট ব্যক্তি মন্টু ভাগৱতী, ৰোহিত কন্দ, পঞ্চায়ত সভাপতি পুৰ্ণ হাজৰিকা আদি কৰি ভালেসংখ্যক ব্যক্তিয়ে অংশ গ্ৰহণ কৰে। সৌৰ লাইট শুভ উদ্বোধন কৰি চি আৰ পি এফৰ ছেকেণ্ড ইন কমাণ্ড ৩০ বেটেলিয়নৰ ৰাহুল কুমাৰ চাহুৱে চি আৰ পি এফৰ ইউনিট কমাণ্ডেট অৰুন কুমাৰ মীনা আৰু সৰ্বজিৎ সিং, আই জি, যোৰহাট আৰু এইচ এছ ৰাৱট(খটখটী ৰেঞ্জ)ৰ শলাগ লয়। নাতিদীৰ্ঘ ভাষণত ৰাহুল কুমাৰ চাহুৱে শীঘ্ৰেই তেওঁলোকে কৰিব লগা শোণিতপুৰ জিলাৰ থেলামাৰাৰ ঢেকেৰীগাঁৱত স্থাপন সম্পৰ্কীয় তিনিটাকৈ ষ্ট্ৰীট লাইট তথা অসমৰ বিভিন্ন স্কুল, বাছ ষ্টেণ্ডত শৌচাগাৰ নিৰ্মাণ, পুথিভঁৰাল আৰু চিকিৎসা শিবিৰ আদি শীঘ্ৰেই বিভিন্ন অংশত আয়োজন কৰি অসমৰ সৰ্ব সাধাৰণ লোকসকলক সহায় কৰিব বুলিও প্ৰকাশ কৰে। মনকৰিবলগীয়া যে, তেওঁ গাওঁবাসীসকলক বিশেষভাৱে যুৱসকলক চি.আৰ.পি.ই.ত শিক্ষা আৰু নিযুক্তিৰ সুযোগ সম্পৰ্কে অনুপ্ৰাণিত কৰিছিল।