Breaking

শিৱসাগৰ আৰক্ষীৰ বিশেষ উদ্যোগ, তৃতীয় বিভাগত উৰ্ত্তীণ শিক্ষাৰ্থীৰ মাজত কেৰিয়াৰ সজাগতা

0 1,593

অসম আৰক্ষীৰ বিশেষ পদক্ষেপ। শিৱসাগৰ আৰক্ষীৰ উদ্যোগত কেৰিয়াৰ সজাগতা অনুষ্ঠান। মুখ্য অতিথি হিচাপে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই কেৰিয়াৰ সজাগতা অনুষ্ঠানত অংশ গ্ৰহণ কৰে। বিগত দিনা সন্ধিয়া পৰত অনুষ্ঠিত হোৱা অ’এনজিচিৰ প্ৰেক্ষাগৃহত প্ৰায় দুই শতাধিক শিক্ষাৰ্থীৰ অংশগ্ৰহণ। শিৱসাগৰ আৰক্ষীৰ ইতিবাচক উদ্যোগ, পৰীক্ষাত ভাল ফলাফল কৰিব নোৱাৰা তথা তৃতীয় বিভাগত উৰ্ত্তীণ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত কেৰিয়াৰ সজাগতামূলক সভা অনুষ্ঠিত হৈ যায় । ছাত্ৰ-ছাত্ৰীসকলৰ উদ্দেশ্যি অনুষ্ঠিত সজাগতা সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত। সভাত শিৱসাগৰ জিলাৰ উপায়ুক্ত মেঘনিধি দাহাল, আৰক্ষী অধীক্ষক শুভ্ৰজিৎ বৰা আৰু চৰাইদেউ জিলাৰ আৰক্ষী অধীক্ষক যুৱ ৰাজে অংশগ্ৰহণ কৰে।

সজাগতা সভাত অংশ গ্ৰহণ কৰি ভাস্কৰজ্যোতি মহন্তই কয় যে সৰুতে মই গাধা আছিলো। আৰম্ভণিতে পঢ়াত মইও বেয়া আছিলো। ছাত্ৰ-ছাত্ৰীসকলক উৎসাহিত কৰি অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই কয় যে এটা পৰীক্ষাত বেয়া ফলাফলে জীৱনটো শেষ কৰিব নোৱাৰে। জীৱনটো আৰম্ভহে হৈছে ভাবিব লগা একো নাই। কম নম্বৰ পোৱা ছাত্ৰ-ছাত্ৰীসকলক সমাজে কম গুৰুত্ব দিয়া সমাজখনো অলপ গণ্ডগুলীয়া। আচলতে নম্বৰ নহয়, সমাজৰ বাবে কিবা কৰিছেনে ? মানৱ সমাজৰ বাবে কিবা কৰিছে নে ? সেয়া গুৰুত্ব দিব লাগে। কিন্তু সমাজে নুসুধে, অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই গুৰুত্বপূৰ্ণ মন্তব্য কৰে।

ছাত্ৰ-ছাত্ৰসকলক উদ্দেশ্যি আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে কয় যে হতাশ হ’ব নালাগে, বেঙা হ’ব নালাগে নতুন কথা শিকিবলৈ লাজ কৰিব নালাগে। ছাত্ৰ-ছাত্ৰীসকলক নিজৰ সামৰ্থৰে নিজৰ ভৰিত সমাজে গ্ৰহন কৰা পন্থাৰে নিজক প্ৰতিষ্ঠা কৰিবলৈ আহ্বান অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ। প্ৰসংগ ক্ৰমে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই কয় যে ফুটবল খেলিলেই নহ’ব, ভালকৈ খেলিব লাগিব। ৰাজ্যৰ ভিতৰত স্থান লাভ কৰিব পৰাকৈ খেলিব লাগিব।

অনুষ্ঠানটোত অসম চৰকাৰৰ দক্ষতা আৰু উদ্যমিতা বিভাগৰ দুই বিষয়া পিংকু চৌধুৰী আৰু আক্কাচ আলিয়ে সমল ব্যক্তি হিচাপে অংশ লৈ ছাত্ৰ-ছাত্ৰীসকলক কেৰিয়াৰ সম্পৰ্কত সহযোগিতা আগবঢ়াই।

Leave A Reply

Your email address will not be published.