Breaking

গোগামুুুখত তাকাম পেঃগু অপৃন কেবাঙৰ বিশেষ সভাঃ কাব্যগ্ৰন্থ-সংবিধান-লগ’ উন্মোচন…

0 77

মিচিং জনজাতিসকলৰ বৃহত্তম গোত্ৰ তাকাম পেঃগু অপৃন কেবাঙৰ কেন্দ্ৰীয় সমিতিৰ বিশেষ কাৰ্যনিৰ্বাহক সভা দেওবাৰে গোগামুখত অনুষ্ঠিত হৈ যায়৷ তাকাম পেঃগু অপৃনৰ গোগামুখ জিলা সমিতিৰ উদ্যোগত আৰু কেন্দ্ৰীয় সমিতিৰ সহযোগত গোগামুখ বালিকা বিদ্যালয়ৰ প্ৰেক্ষাগৃহত এদিনিয়া বিস্তৃত কাৰ্যসূচীৰেে অনুষ্ঠিত হোৱা উক্ত সভাখনৰ সভাপতিত্ব কৰে তাকাম পেঃগু অপৃন কেবাঙৰ সভাপতি দিনেশ পেগুৱে৷ উদ্দেশ্য ব্যখ্যা কৰে সম্পাদক তথা শিক্ষক  দিলীপ পেগুৱে৷ সভাখনত  পেঃগু অপৃনৰ স্থায়ী লগ’ উন্মোচন কৰে লক্ষীকান্ত পেগুৱে৷ দুপৰীয়া ১২ বজাত জয়ৰাম পেগুৱে ৰচিত পুৰণি কাব্যগ্ৰন্থৰ পুনঃ মুদ্ৰণ উন্মোচন কৰে সাহিত্যিক, সমাজ সংগঠক, অৱসৰপ্ৰাপ্ত অভিযন্তা খগেন পেগুৱে৷

উল্লেখনী যে, তাকাম পেঃগু অপৃন কেবাঙৰ গোগামুখ জিলা সমিতিৰ সম্পাদক ড° দেৱজিৎ পেগু, উদীয়মান লেখক তথা শিক্ষক আৰু জয়ৰাম পেঃগুৰ পৰিয়ালৰ আশাশুধীয়া প্ৰচেষ্টাত গ্ৰন্থখন পুনঃ মুদ্ৰণ কৰা হৈছে৷একেদৰে পেঃগু অপৃন কেবাঙৰ পুনঃ সংশোধিত সংবিধানখন উন্মোচন কৰে পেঃগু অপৃন কেবাঙৰ মুখ্য উপদেষ্টা তথা চিলাপথাৰ মহাবিদ্যালয়ৰ অবসৰপ্ৰাপ্ত অধ্যক্ষ দেবিৰাম পেগুৱে৷ ইয়াৰ পূৰ্বে পুৱা আদৰণি ভাষণ দিয়ে তাকাম পেঃগু অপৃৃন কেবাঙৰ গোগামুখ জিলা সমিতিৰ সভাপতি ভানুৰাম পেগুৱে৷ সভাত উপস্থিত থাকে তাকাম পেঃগু অপৃনৰ কেন্দ্ৰীয় সমিতিৰ উপসভাপতি হেমন্ত পেঃগু, সহকাৰী সম্পাদক ভগীৰথ পেংগু, সংবিধান সমিতিৰ সদস্য নেহৰুু পেঃগু, সাংস্কৃতিক সম্পাদক দীপ কুমাৰ পেঃগু. আইনী উপদেষ্টা যতীন পেঃগু, কাৰ্যালয় সম্পাদক টেপুৰাম পেঃগু, কেন্দ্ৰীয় সদস্য গংগাপ্ৰসাদ পেঃগু আদিয়ে৷

Leave A Reply

Your email address will not be published.