Breaking

ডে’ কেয়াৰ স্পাইন ছাৰ্জাৰীৰ ক্ষেত্ৰত জিএনআৰচি হাস্পতালৰ বিশেষ ভূমিকা…

0 38

ডে’ কেয়াৰ স্পাইন ছাৰ্জাৰীৰ ক্ষেত্ৰত জিএনআৰচি হাস্পতালৰ বিশেষ ভূমিকা

মিনিমেলী ইনভেচিভ স্পাইন ছাৰ্জাৰী কৰি একেদিনাই ৰোগী উভতি যাব পাৰিব ঘৰলৈ

মিনিমেলী ইনভেচিভ স্পাইন ছাৰ্জাৰী কৰি ৰোগীক একেদিনাই ঘৰলৈ পঠিয়াই দিবলৈ সক্ষম হোৱাৰ বাবে জিএনআৰচি ছয়মাইল শাখাত আজি এক সংবাদ মেলৰ আয়োজন কৰা হয়। ডে’ কেয়াৰ হিচাপে ৰাজহাড়ৰ এনেধৰণৰ অস্ত্রোপচাৰ ভাৰতৰ অতি কম সংখ্যক চিকিৎসালয়তহে উপলব্ধ।

সংবাদ মাধ্যমক আদৰণি জনাই জিএনআৰচি হাস্পতালৰ জ্যেষ্ঠ স্নায়ুশল্য বিশেষজ্ঞ ডাঃ বাম কুমাৰ গোয়েলে জনায় যে, “ৰাজহাড়ৰ বিষ অর্থাৎ কঁকালৰ বিষ বুলিলে আমি সদায় ভীতিগ্রস্ত হৈ পৰো। কিয়নো আমাৰ মনত এটা ধাৰণা আছে যে ৰাজহাড়ৰ বিষ মানে প্রতিজন ৰোগীয়ে অত্যধিক বিষত ছটফটাই থাকিব লগীয়া হয়, আৰোগ্য লাভৰ গতি অতি লেহেমীয়া আৰু বহুদিনলৈ বিচনাত পৰি থাকিব লগীয়া হয়। আমাৰ দেশৰ জনসাধাৰণৰ মাজত স্বাস্থ্য আৰু ৰোগৰ লক্ষণবোৰৰ সজাগতাৰ অভাবৰ বাবে এনেধৰণে ভীতিগ্রস্ততা বেছি হোৱা দেখা যায়। কিন্তু যোৱা তিনিটা দশকত স্পাইন ছাৰ্জাৰীৰ ক্ষেত্ৰত অত্যাধুনিক চিকিৎসা পদ্ধতিৰ উন্নতিয়ে বহু পৰিমাণে বোগীসকলক আৰোগ্য লাভ কৰাত সহায় কৰিছে। মেৰুদণ্ডৰ ৰোগবিজ্ঞানৰ বিষয়ে ব্যাপক গবেষণা, পৰিশোধিত অস্ত্রোপচাৰৰ কৌশল আৰু অপাৰেটিং মাইক্র’স্ক’প আৰু এণ্ড’স্ক’পৰ দবে উন্নত সঁজুলিৰ ব্যৱহাৰে মেৰুদণ্ডৰ অস্ত্রোপচাৰক অধিক সুৰক্ষিত, অধিক ফলপ্রসূ আৰু কমকৈ কটা-ছিভাতে সম্পন্ন হোৱাটো সম্ভৱ কৰি তুলিছে।”

ডাঃ গোয়েলে লগতে জনায় যে ৰাজহাড়ৰ এনেধৰণৰ ছাৰ্জাৰীত ৰোগীয়ে ন্যূনতম কষ্ট অনুভৱ কৰে। বৰ্তমান সময়ত স্পাইন ছাৰ্জাৰীয়ে বৃহৎ পৰিবৰ্তনৰ দিশে আগবাঢ়িছে। এই অস্ত্রোপচাৰৰ সময়ত ৰাজহাড়ত তেনেই সৰুকৈ কাটি (২ৰ পৰা ৩ ছেন্টিমিটাৰ) অস্ত্রোপচাৰ কৰা হয়। ইয়াৰ ফলত শৰীৰৰ মাংসপেশী বা ৰাজহাড়ৰ তেনেই কম ক্ষতি হয়। ফলস্বৰূপে ৰোগীগৰাকী একেদিনাই ঘৰলৈ উভতি যাব পাবে আৰু লগতে অতি কম দিনৰ ভিতৰত নিজৰ দৈনন্দিন কামকাজ আগৰ দৰে কৰিব পৰা হয়। চিকিৎসালয়ত নথকাকৈ একেদিনাই ৰোগীগৰাকী ঘৰলৈ উভতি যায় বাবে ৰোগীৰ খৰচৰ মাত্রাও কম হয়।

মিনিমেলী ইনভেছিভ স্পাইন ছাৰ্জাৰীৰ বিশেষ সুবিধাসমূহ-

১) বাজহাড়ত ২-৩ ছেন্টিমিটাৰ ছিদ্র কৰাৰ ফলত টিছুৰ কমকৈ ক্ষতি হয়।

২) অস্ত্রোপচাৰৰ পিছত বিষৰ মাত্রা অতি কম।

৩) খুব কম পৰিমাণে ৰক্তক্ষৰণ হয়।

৪) ক্ষিপ্র গতিত আৰোগ্য লাভ কৰে।

৫) ৰোগীয়ে খুব কম সময়ৰ ভিতৰতে পুনৰাই দৈনন্দিন কামকাজ আৰম্ভ কৰিব পাৰে।

৬) সোনকালে খোজ কাঢ়িব পাৰে।

৭) স্নায়ুৰ চৌপাশে দাগসমূহ কমকৈ দেখা যায়।

৮) সকলো দিশৰ পৰা আৰোগ্য লাভ কৰে।

সংবাদমেলখনত ডাঃ বাম গোয়েলৰ লগতে জিএনআৰচি ছয়মাইল গোটৰ জ্যেষ্ঠ স্নায়ুশল্য বিশেষজ্ঞ ডাঃ পৰাণজ্যোতি বৰ্মন আৰু মুখ্য পৰিচালন বিষয়া ডাঃ মইনুলাৰ ৰহমানো উপস্থিত থাকে। ডাঃ মইনুলাৰ ৰহমানে ডাঃ ৰাম গোয়েলৰ লগতে জিএনআৰচি ছয়মাইল শাখাৰ স্নায়ুশল্য বিভাগৰ আটাইকেইগৰাকী সদস্যকে কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ সংবাদ মাধ্যমৰ জৰিয়তে সমাজৰ প্ৰতিজন সদস্যক সজাগ কৰিবলৈও অনুৰোধ কৰাৰ লগতে জিএনআৰচি হাস্পতালৰ ‘সকলোৰে বাবে স্বাস্থ্য, সকলোৰে মুখত হাঁহি’ বিবিঙোৱাৰ যি উদ্দেশ্য তাক সফল কৰি তুলিবলৈ আহ্বান জনায়।মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া, মার্কেটিং আৰু বেও প্রম’চন বিভাগ জিএনআৰচি গ্রুপ অৱ হাস্পতাল মৃণাল আলি হাজৰিকাই ।

Leave A Reply

Your email address will not be published.