Breaking

বিশেষ টীকাকৰণ অভিযান সম্পৰ্কত কামৰূপত অনুষ্ঠিত হ’ল সাংবাদিকৰ সজাগতাৰ কৰ্মশালা…

0 54

অহা ১৬ ডিচেম্বৰ তথা ২০২৩ বৰ্ষৰ ১৭ জানুৱাৰী আৰু ১৬ ফেব্ৰুৱাৰীৰ পৰা সপ্তাহজোৰা কাৰ্যসূচীৰে সমগ্ৰ ৰাজ্যৰ লগতে কামৰূপ জিলাত অনুষ্ঠিত হবলগীয়া বিশেষ টীকাকৰণ অভিযান ২.০ (Special Immunization Mission) সম্পৰ্কে জনসচেতনতা সৃষ্টিৰ লক্ষ্যৰে আজি কামৰূপ জিলাৰ সংহত উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলাখনৰ সংবাদকৰ্মী সকলৰ মাজত এক বিশেষ সজাগতাৰ কৰ্মশালা অনুষ্ঠিত হয়।

কামৰূপ জিলাৰ জিলা স্বাস্থ্য সমিতি (District Health Society)ৰ উদ্যোগত আয়োজিত এই কৰ্মশালাৰ আৰম্ভণিতে কামৰূপৰ যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ গোপা নাগ বৰুৱাই তিনিটা পৰ্যায়ত অনুষ্ঠিত হবলগীয়া এই বিশেষ টীকাকৰণ অভিযানৰ বিষয়ে তৃণমূল পৰ্যায়ত সজাগ-সচেতনতা সৃষ্টিৰ ক্ষেত্ৰত সংবাদ মাধ্যমক বিশেষ ভূমিকা লোৱাৰ বাবে আহ্বান জনায়। কৰ্মশালাত বিশেষ বক্তব্য প্ৰদান কৰি জিলা প্ৰতিষেধক বিষয়া ডাঃ যুগল কিশোৰ দাসে ০-২ বছৰ বয়সৰ যি সকল শিশু নিয়মীয়া টীকাকৰণত টীকা গ্ৰহণ কৰিব পৰা নাছিল অথবা আংশিক টীকাকৰণৰ সুবিধা লাভ কৰিছিল, সেই সকল বাদ পৰি যোৱা শিশুৰ সম্পূৰ্ণ টীকাকৰণৰ বাবে বিশেষ টিকাকৰণ অভিযানত অতিৰিক্ত সুবিধা লাভ কৰিব বুলি তেওঁ সদৰি কৰে।

টীকাকৰণ কাৰ্যক্ৰমৰ অন্তৰ্গত ৰৈ যোৱা অথবা বাদ পৰি যোৱা শিশুসকলক চৰকাৰী উপ-স্বাস্থ্য কেন্দ্ৰত, নিজৰ গাঁওৰ টীকাকৰণ কেন্দ্ৰত সকলো টীকা বিনামূলীয়াকৈ দিয়া হ’ব বুলি তেওঁ জনায়। চৰকাৰী ভাৱে উপলব্ধ সকলো ভেকচিন সুৰক্ষিত তথা উপযুক্ত আৰু প্ৰশিক্ষিত ANMৰ দ্বাৰা প্ৰদান কৰা হ’ব।

তদুপৰি এই অভিযানত গৰ্ভৱতী মহিলাৰ বাবে টিডি ভেকচিন প্ৰদান তথা এম আৰ ভেকচিন নোপোৱা ২-৫ বছৰ বয়সৰ শিশুৰ বাবেও অতিৰিক্ত ভেকচিনৰ সুবিধাৰ ব্যৱস্থা কৰা হৈছে বুলি তেওঁ অৱগত কৰে। ইয়াৰ বাবে এক সৱল জনসচেতনতা সৃষ্টিৰ ক্ষেত্ৰত সংবাদ মাধ্যমৰ লগতে সমাজৰ সকলো শ্ৰেণীৰ জনসাধাৰণৰ পৰা সহযোগিতা কামৰূপ জিলা স্বাস্থ্য বিভাগে কামনা কৰিছে।

Leave A Reply

Your email address will not be published.