শাৰীৰিক ভাবে বাধাগ্ৰস্থ সকলৰ শাৰীৰিক আৰু মানসিক বিকাশৰ উদ্দেশ্যে ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান, বৰপেটাই বিভিন্ন পদক্ষেপ হাতত লৈ আহিছে। সমগ্ৰ শিক্ষা, অসমৰ ৰাজ্যিক কাৰ্যালয়ৰ নিৰ্দেশ মৰ্মে ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান,বৰপেটাৰ উদ্যোগত এই ছাত্ৰ ছাত্ৰী সকলৰ মাজত ‘বিশেষ অলিম্পিক’আৰু ‘পেৰা অলিম্পিক’ সম্পৰ্কে সজাগতা বৃদ্ধি কৰাৰ প্ৰয়াসেৰে আজি বৰপেটা চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত খেল প্ৰতিযোগিতা আৰু চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। লগতে দিব্যাংগ সকলৰ মাজত সহায়ক আঁহিলা বিতৰণ কাৰ্যসূচীৰো উদ্বোধন কৰা হয়। উদ্বোধন কৰে জিলা খনৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক মনোৰঞ্জন কাকতিয়ে । ছাত্র ছাত্ৰী সকলৰ মাজত খেল প্ৰতিযোগিতাৰ শুভ উদ্বোধন কৰে সমগ্ৰ শিক্ষা, বৰপেটাৰ জিলা আচনি বিষয়া কিশোৰ ৰাজবংশীয়ে । চিত্ৰাংকন প্ৰতিযোগিতাৰ শুভ উদ্বোধন কৰে বিদ্যালয়খনৰ অধ্যক্ষ হৰেকৃষ্ণ দাসে। তেওঁলোকৰ মাজত অনুষ্ঠিত বিভিন্ন খেল প্ৰতিযোগিতাৰ ফলাফল সমূহ এনেধৰণৰ – ল’ৰা শাখাৰ ডিচকাচ থ্ৰ’ প্ৰতিযোগিতাত প্ৰথম,দ্বিতীয় আৰু তৃতীয় স্হান লাভ কৰা ছাত্র সকল হ’ল-ব’বিডুল ইছলাম, ৰকিবুল ইছলাম আৰু মনজুৰুল আলম। আনহাতে ছোৱালী শাখাত প্ৰথম,দ্বিতীয় আৰু তৃতীয় স্হান লাভ কৰে ইয়াছমিনা খাতুন,আমেলা খাতুন আৰু জমিৰুন নেছাই। ল’ৰাৰ ১০০ মিটাৰ দৌৰত প্ৰথম,দ্বিতীয় আৰু তৃতীয় স্হান লাভ কৰে ক্ৰমে মঞ্জুৰুল আলম,ব’বিদুল ইছলাম আৰু জান্নাত আলীয়ে। ছোৱালীৰ ১০০ মিটাৰ দৌৰ প্ৰতিযোগিতাত প্ৰথম,দ্বিতীয় আৰু তৃতীয় স্হান লাভ কৰে ইয়াছমিনা খাতুন, ৰেহেনা খাতুন আৰু মৌছুমী পাৰবিনে । ‘পানী- পাৰ’খেলত প্ৰথম,দ্বিতীয় আৰু তৃতীয় স্হান লাভ কৰে ক্ৰমে নাৰগিছ আখতাৰ, আমিনা খাতুন, কাশ্মীৰি আহমেদ আৰু ৰেহেনা খাতুনে। উঠা-বহা খেলত প্ৰথম ,দ্বিতীয় আৰু তৃতীয় স্হান লাভ কৰে ক্ৰমে নাৰগিছ আখতাৰ, দীপিকা আৰ্য্য আৰু আমেলা খাতুনে। চিত্ৰাংকন প্ৰতিযোগিতাত ল’ৰাৰ শাখাত প্ৰথম,দ্বিতীয় আৰু তৃতীয় স্হান লাভ কৰে ক্ৰমে ব’বিডুল ইছলাম, আছানুৰ মল্লিক আৰু ৰকিবুল ইছলামে আনহাতে ছোৱালী শাখাৰ চিত্ৰাংকন প্ৰতিযোগিতাত প্ৰথম,দ্বিতীয় আৰু তৃতীয় স্হান লাভ কৰে জুহানা তাছমিন,ৰিমিয়া খাতুন আৰু জেমিনা চুলতানে ।