Sports Hero Pulin Das: ক্ৰীড়া মহীৰূহ পুলিন দাসৰ ১০৬ সংখ্যক জন্ম দিন পালন

গুৱাহাটী, ১ নবেম্বৰঃ অসমৰ ক্ৰীড়া সাংবাদিকতাৰ বাটকটীয়া, ক্ৰীড়া সংগঠক, ক্ৰীড়া মহীৰূহ পুলিন দাসৰ(Sports Hero Pulin Das) ১০৬ সংখ্যক জন্ম জয়ন্তী(106th Birth Anniversary) আৰু স্মাৰক বক্তৃতানুষ্ঠান(Memorial Lecture) ১ নবেম্বৰত গুৱাহাটীস্থিত ইণ্ডিয়া ক্লাৱৰ প্ৰেক্ষাগৃহতে দিনৰ ১১-৩০ বজাত অনুষ্ঠিত হয়৷

পুলিন দাস(Moheerooh) স্মৃতিৰক্ষা সমিতিয়ে আয়োজন কৰা এই অনুষ্ঠানৰ আৰম্ভণিতে ক্ৰীড়া মহীৰূহগৰাকীৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে অনুষ্ঠানত উপস্থিত থকা বিশিষ্ট ব্যক্তিসকলে৷

ইয়াৰ পিছতে পুলিন দাস স্মৃতিৰক্ষা সমিতিৰ সম্পাদক তথা পুলিন দাসৰ সুপুত্ৰ কল্যাণ কুমাৰ দাসে আদৰণি ভাষণ আগবঢ়ায়৷ ৰাজ্যখনৰ ক্ৰীড়াক্ষেত্ৰত স্বাধীনভাৱে কৰ্মৰত জ্যেষ্ঠ ক্ৰীড়া সাংবাদিক প্ৰাৰ্থনা হাজৰিকা মুখ্য অতিথি হিচাপে উপস্থিত থাকি এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত “ক্ৰীড়াক বিশ্ব মানচিত্ৰত দাঙি ধৰাৰ ক্ষেত্ৰত আঞ্চলিক ভাষাৰ ক্ৰীড়া সাংবাদিকৰ ভূমিকা“ শীৰ্ষক পুলিন দাস স্মাৰক বক্তৃতা প্ৰদান কৰে৷

হাজৰিকাই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ক্ৰীড়া প্ৰতিভা সমূহক ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত দাঙি ধৰিবলৈ স্থানীয় ক্ৰীড়া সাংবাদিকসকলৰ ভূমিকাৰ বিষয়ে সুন্দৰভাৱে আলোকপাত কৰে৷

দেশ বিদেশৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত আগশাৰীৰ ক্ৰীড়া প্ৰতিযোগিতাসমূহৰ বাতৰি পৰিবেশন কৰিবলৈ গৈ লাভ কৰা অভিজ্ঞতাৰ বিষয়েও তেওঁ সাৱলীলভাৱে ভাষণ আগবঢ়ায়৷ স্মৃতি ৰক্ষা সমিতিৰ সভাপতি নয়ন প্ৰসাদে আঁত ধৰা এই অনুষ্ঠানত বিশিষ্ট আলোকচিত্ৰ শিল্পী ঋতুৰাজ কোঁৱৰে সন্মানীয় অতিথিৰূপে অংশগ্ৰহণ কৰে৷

তেওঁ ২০২৪ ত অনুষ্ঠিত পেৰিছ অলিম্পিকৰ অভিজ্ঞতাৰ বিষয়ে বক্তব্য ৰখাৰ উপৰি গেমছৰ কিছু বিশেষ মুহূৰ্তৰ আলোকচিত্ৰ প্ৰদৰ্শন কৰি উপস্থিত সকলোকে আপ্লুত কৰে৷

পুলিন ’দাস স্মৃতিৰক্ষা কমিটীৰ হৈ সভাপতি নয়ন প্ৰসাদে অনুষ্ঠানত উপস্থিতি থকা ক্ৰীড়া অনুৰাগীসকলক ধন্যবাদ জ্ঞাপন কৰে৷

Related Articles