ক্রীড়া-জগত

নেপালত অনুষ্ঠিত ৫তম ইণ্ডো-নেপাল ৰিয়েল গল্ড ৰ’লাৰ স্কেটিং চেম্পিয়নশ্বিপত স্বৰ্ণ পদক লাভ আইমী বৰুৱাৰ পুত্ৰ বীৰ হাজৰিকাৰ…

নেপালত অনুষ্ঠিত ৫তম ইণ্ডো-নেপাল ৰিয়েল গল্ড ৰ’লাৰ স্কেটিং চেম্পিয়নশ্বিপত ৮ বছৰ অনুৰ্ধৰ ২০০ মিটাৰ আৰু ৫০০ মিটাৰ ৰ’লাৰ স্কেটিঙত স্বৰ্ণ পদক লাভ কৰে আইমী...

‘হাৰ্দিক পাণ্ডিয়াক অধিনায়ক পাতক, বিৰাট কোহলী আৰু ৰোহিত শৰ্মাক ক্ৰিকেটৰ পৰা বাহিৰ কৰি দিয়ক’- টুইটযোগে এইষাৰ বিৰূপ মন্তব্য কৰা কোন এইজন ব্যক্তি?

আগদিনা ইংলেণ্ডৰ দ্বাৰা টীম ইণ্ডিয়া পৰাজিত হৈছিল আৰু এইবাৰ টি-২০ বিশ্বকাপৰ যাত্ৰা সমাপ্ত হৈছিল। এই পৰাজয়ৰ পিছৰে পৰা, টীম ইণ্ডিয়াৰ বিষয়ে বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া...

টি-২০ বিশ্বকাপ ছেমি ফাইনেলত ইংলেণ্ডৰ হাতত ১০ উইকেটত শোচনীয় পৰাজয়ৰ পিছতে উচুপি উঠিল ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মা

ছেমি ফাইনেলত ইংলেণ্ডৰ হাতত ১০ উইকেটৰ শোচনীয় পৰাজয়ৰ পিছত ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মাক ডাগআউটত কান্দি থকা দেখা গৈছিল। এই পৰাজয়ৰ লগে লগে টীম ইণ্ডিয়াৰ...

অৱশেষত টি-২০ বিশ্বকাপৰ ফাইনেলত প্ৰৱেশৰ আশা ধূলিস্যাৎ ভাৰতৰ

টি-২০ বিশ্বকাপৰ ছেমি ফাইনেলত ভাৰত পৰাজিত হয়  হাতত।  প্ৰথমে বেটিং কৰি ভাৰতে ১৬৮ ৰাণ সংগ্ৰহ কৰে। হাৰ্ডিক পাণ্ডিয়াই ৬৩  ৰান সংগ্ৰহ কৰে। বিৰাট কোহলীয়ে ৫০  ৰান সংগ্ৰহ কৰিবলৈ...

তৃতীয়বাৰৰ বাবে টি২০ বিশ্বকাপৰ ফাইনেলত পাকিস্তান; অপেনিং যুটিতে ১২.৪ অভাৰত বাবৰ-ৰিঝৱানৰ সংগ্ৰহ ১০৫ ৰাণ৷

দলৰ অতি প্ৰয়োজনীয় মুহূৰ্তত উজ্বলি উঠিল বাবৰ-ৰিঝৱান৷ নিউজিলেণ্ডৰ বিৰুদ্ধে ছুনামিৰ সৃষ্টি কৰিলে বাবৰ-ৰিঝৱানে৷ টি২০ ক্ৰিকেটৰ অন্যতম শ্ৰেষ্ঠ বেটাৰ মহম্মদ ৰিজৱান আৰু বাবৰ আজমৰ দূৰ্দান্ত অপেনিং বেটিঙেৰে টি২০ বিশ্বকাপৰ ফাইনেলত উপনিত হ’ল পাকিস্তান৷ চিডনি ক্ৰিকেট গ্ৰাউণ্ডত অনুষ্ঠিত হোৱা বিশ্বকাপৰ প্ৰথমখন ফাইনেলত প্ৰথমে বেটিং কৰি নিউজিলেণ্ডে ১৫৩ ৰাণৰ লক্ষ্য বান্ধি দিয়ে৷ প্ৰত্যুত্তৰত পাকিস্তানে চমকপ্ৰদ আৰম্ভণি ঘটায়৷ অপেনিং যুটিতে বাবৰ-ৰিঝৱানে সংগ্ৰহ কৰে ১২.৪ অভাৰত ১০৫ ৰাণ৷ বাবৰে ৫৩ (৪২) আৰু ৰিঝৱানে ৫৭ (৪২) ৰাণ কৰে৷ বাবৰ-ৰিঝৱানৰ এই অপেনিং যুটিৰ ফলতে পাকিস্তানে ৩ টা উইকেট হেৰুৱাই ৫টা বল বাকী থকা অৱস্থাত বিজয় লক্ষ্যত উপনীত হয়৷ নিউজিলেণ্ডৰ হৈ ট্ৰেণ্ট ব’ল্টে  দুটাকৈ উইকেট দখল কৰে৷ ইয়াৰ পূৰ্বে প্ৰথম ইনিংছত নিউজেলেণ্ডে ৪ উইকেটত ১৫২ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয়৷ ডেৰিল মিছেলে ৫৩ আৰু অধিনায়ক কেন উইলিয়ামছনে ৪৬ ৰাণৰ বৰঙনি আগবঢ়ায়৷ পাকিস্তানৰ হৈ শ্বাহিন আফ্ৰিদিয়ে দুটাকৈ উইকেট দখল কৰে৷ উল্লেখযোগ্য যে টি২০ বিশ্বকাপৰ ইতিহাসত তৃতীয়বাৰৰ বাবে পাকিস্তানে প্ৰতিযোগিতাখনৰ ফাইনেলত উপনীত হ’ব৷ ইয়াৰ পূৰ্বে ২০০৯ চনত বিশ্বকাপবিজয়ৰ সোৱাদ লাভ কৰিছিল দলটোৱে৷

Popular