ক্রীড়া-জগত

Football League : মৰিগাঁও “এ” ডিভিজন ফুটবল লীগত নৱজ্যোতি ক্লাৱ চেম্পিয়ন

Football League : দৈনন্দিন বাৰ্তাৰ সেৱা, মৰিগাঁও, ১৩ অক্টোবৰ : মৰিগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ ১০টা শক্তিশালী ফুটবল দলৰ অংশগ্ৰহণৰে মৰিগাঁও জিলা ক্ৰীড়া সন্হাৰ উদ্যোগত কৰ্মপ্ৰাণ ক্ষীৰোদ বৰুৱা স্টেডিয়ামত বিপুল সংখ্যক ফুটবল প্ৰেমী ৰাইজৰ ব্যাপক উৎসাহ উদ্দীপনাৰ মাজেৰে অনুষ্ঠিত হৈ থকা গুনেমাই বৰা আৰু ছাজিৰা বেগম সোঁৱৰণী প্ৰাইজমাণী “এ” ডিভিজন ফুটবল লীগ প্ৰতিযোগিতাৰ আজি অনুষ্ঠিত তীব্ৰ প্ৰতিদণ্ডিতামূলক ফাইনেল খেলখনত মৰিগাঁও নৱজ্যোতি ক্লাৱে ২-০ গ’লৰ ব্যৱধানত ব’লব’ম ফুটবল ক্লাৱক পৰাভূত কৰি চেম্পিয়নৰ খিতাপ ক্ৰমাগত দ্বিতীয়বাৰৰ বাবে দখল কৰিছে৷

Olympic Games: ২০২৪ চনৰ পেৰিছ অলিম্পিক আৰু ভাৰতৰ প্ৰদৰ্শনৰ: এক পৰ্যালোচনা

"I love the Olympic Games. The Olympic are  the event that few can fatthom but all can enjoy, and that why athletes work out in whole life to put on the greatest show on earth" (Johnny Weir, Olympic Medalist, USA)ধৰ্ম কান্ত মিলি (Dharma Kant Mili)

India Book of Records।এঞ্জেলিকা দাসে লাহৰী গগণা বজাই ‘ইণ্ডিয়ান বুক অৱ ৰেকৰ্ডছ’ত নাম অন্তৰ্ভূক্ত কৰি সুনাম কঢ়িয়াই আনিলে

India Book of Records সৰভোগৰ বৈৰাপুৰ গাওঁৰ প্ৰতিষ্ঠিত ব্যৱসায়ী নীলাভজ্যোতি দাসৰ কন্যা তথা তৃতীয় শ্ৰেনীৰ ছাত্ৰী এঞ্জেলিকা দাসে ৰাষ্ট্ৰীয় পৰ্যায়ৰ 'ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছ'ত সৰ্বাধিক সময় ২৩ মিনিট ৪৭ ছেকেণ্ড 'লাহৰী গগণা' বজাই নিজৰ নাম অন্তৰ্ভূক্ত কৰিবলৈ সক্ষম হৈছে।ছাত্ৰী গৰাকীক মানপত্ৰ,ট্ৰফী আৰু স্মাৰকৰে সন্মানিত কৰে।

Football Tournament:গোৱালপাৰাত “মনোমহন দাস আৰু আৰ. আৰ. আহমেদ সোঁৱৰণী ফুটবল টুৰ্নামেন্ট-২০২৪”

দৈনন্দিন বাৰ্তা সেৱা গোৱালপাৰা,৩ অক্টোবৰ: (Football Tournament-2024)ক্ৰীড়া প্ৰেমী ৰাইজৰ মাজত ফুটবলৰ আই এছ এল ৰ জোৱাৰ উঠিছে চাৰিওপিনে। তাৰে মাজত আন আন বছৰৰ দৰে এইবেলিও গোৱালপাৰা জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত আৰু ৰূপজ্যোতি ক্লাৱৰ সহযোগত গোৱালপাৰাৰ বাপুজীনগৰস্থিত ৰূপজ্যোতি ক্লাৱৰ খেলপথাৰত "মনমোহন দাস আৰু আৰ আৰ আহমেদ সোঁৱৰণী ফুটবল টুৰ্নামেন্টৰ আয়োজন কৰিছে। ইতিমধ্যে জিলাখনৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ৩২ খনকৈ ক্লাৱৰ অংশগ্ৰহণৰে যাকযমকতাৰে আৰম্ভ হৈছে ফুটবল টুৰ্নামেন্টখন। ইতিমধ্যে প্ৰথম ৰাউণ্ডৰ খেল সম্পূৰ্ণ হৈ দ্বিতীয় ৰাউণ্ডৰ খেল চলি আছে।

wrestling competition: ১৮-২০ অক্টোবৰত গুৱাহাটীত আন্তঃজিলা মল্লযুঁজ প্ৰতিযোগিতা

অসম মল্লযুঁজ সন্থাৰ এখন কাৰ্যনিৰ্বাসক সভা আজি গুৱাহাটীৰ ৰাধা গোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ সন্থাৰ কাৰ্যালয়ত অনুষ্ঠিত হয়৷ (wrestling competition)

Popular