মাকৰিত পাঁচদিনীয়াকৈ অনুষ্ঠিত হ’ব শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ

গোৱালপাৰা চহৰৰ মাকৰি কালী মন্দিৰ প্ৰাংগনত বৃহস্পতিবাৰৰ পৰা আৰাম্ভ হল গোৱালপাৰা জিলাৰ ৫৭ সংখ্যক মাকৰি সাৰ্বজনীন শ্ৰীশ্ৰী ৰাস মহোৎসৱ । মাকৰি কালি মন্দিৰ প্ৰাংগনত পাছদিনীয়াকৈ অনুষ্ঠিত হব শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ ৷সমগ্ৰ আঞ্চলিক ভিত্তিত অনুষ্ঠিত হবলগীয়া ৰাস মহোৎসৱত এইবেলি দুদিনীয়াকৈ সাংস্কৃতিক সন্ধিয়াৰ কাৰ্য্যসুচী আয়োজন কৰিছে ৷ যাৰ বাবে এক উখলমাখল পৰিবেশৰ সৃষ্টি হৈছে ৰাসস্থলী ৷ উৎযাপন সমিতিয়ে পতাকা উত্তোলন ও স্মৃতি তৰ্পণ  কৰি ৰাসৰ কাৰ্য্যসুচীৰ শুভাৰম্ভ কৰে।আৰু ইয়াৰ লগেলগে দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰ্য্যবসিত হল মাকৰি ৷২৬ টা স্থলত থাকিব বিভিন্ন মুৰ্তি৷ উল্লেখ্য যে এই ৰাস মহোৎসৱতে, উৎযাপন সমিতিয়ে স্থানীয় ন পুৰনি লিখকৰ দ্বাৰা এখন স্মৃতিগ্ৰন্থৰো উন্মোচন কৰি উলিয়াব বুলি সমিতিৰ সদস্য‌ই আমাক জনায়।উদযাপন সমিতিয়ে মানিব চৰকাৰে দিয়া নতুন SOP. নিয়ম নীতি ৷ উদযাপন সমিতিয়ে ধৰ্মপ্ৰান ৰাইজৰ সহযোগিতা কামনা কৰিছে ৷

Related Articles