অসমীয়াৰ অন্যতম শ্রেষ্ঠ ধর্মীয় উৎসৱ দুর্গাপূজাৰ পিছতেই অনুষ্ঠিত হোৱা ধর্মীয় উৎসৱ ভাগ হ’ল শ্রীশ্রীলক্ষ্মীপূজা ৷ অসমীয়াৰ কোজাগৰী লক্ষ্মীপূজা তথা মাহাত্ম্য …

অসমীয়াৰ কোজাগৰী লক্ষ্মীপূজা তথা মাহাত্ম্য ..

অসমীয়াৰ অন্যতম শ্রেষ্ঠ ধর্মীয় উৎসৱ দুর্গাপূজাৰ পিছতেই অনুষ্ঠিত হোৱা ধর্মীয় উৎসৱ ভাগ হ’ল শ্রীশ্রীলক্ষ্মীপূজা ৷ স্বচ্ছ শৰৎৰ প্রস্ফুটিত শুভ্ৰ শেৱালী আৰু নিয়ৰসনা দুৱৰি গচকি পিতৃলায়ে গমন কৰা “মা দুর্গাক”ষোড়শপচাৰে পূজা কৰাৰ পিছতেই অসমীয়া সাজু হৈ ঘৰৰ “শ্রী” ক আদৰিবলৈ ৷

চান্দ্ৰমাস অনুযায়ী আহিন মাহৰ পূর্ণিমা তিথিত স্নিগ্ধ শৰৎ কালৰ চন্দ্ৰাৱলী ৰাতিত চন্দ্ৰ সম্পূর্ণ ষোল্লকলাৰে পৰিপূর্ণ হৈ থাকে উক্তদিনা অসম তথা বংগৰ মানুহে বিশেষভাৱে ধন-সম্পদ ,সুখ-শান্তি,যশ-প্রশস্তিৰ অধিষ্ঠাত্ৰী বিষ্ণুপত্নী দেৱী লক্ষ্মীৰ আৰাধনা কৰে ৷ শাৰদীয় মহোৎসৱ শ্রীশ্রীদুর্গাপূজাৰ পাচদিন পিছতেই অসমীৰ বুকুত উদযাপিত হয় মা লক্ষ্মীৰ পূজা ৷ শক্তি-সামর্থ্য অনুযায়ী ভক্তই দেৱীৰ পূজাৰ আয়োজন কৰে ৷

শুদ্ধ সনাতনী অথবা হিন্দু ধর্মৰ অন্তর্গত লোকসকলে বছৰত কেইবাবাৰো লক্ষ্মীপূজাৰ আয়োজন কৰে ৷ অসমীয়া বহাগ মাহৰ প্রথম দিনটোতে গণেশপূজাৰ লগতে লক্ষ্মীপূজাৰো আয়োজন হয় ৷ অক্ষয় তৃতীয়াত লক্ষ্মীপূজা কৰা হয় ৷ তাৰোপৰি বহুতে প্রত্যেক পূর্ণিমা অথবা বৃহস্পতিবাৰেও লক্ষ্মীপূজাৰ আয়োজন কৰে তদুপৰি সমগ্র ভাৰততে লক্ষ্মীপূজাৰ বিশেষ আয়োজন হয় দিপন্বিতা অমাৱস্যা বা দেৱালীৰ দিনা ৷
অৱশ্যে সেইদিনা অসমীয়া পৰম্পৰা অনুসৰি শ্যামাপূজা বা কালীপূজাৰহে আয়োজন কৰা হয় ৷
অসম তথা বংগৰ পটভূমিত আটাইতকৈ উৎকৃষ্ট লক্ষ্মীপূজাৰ আয়োজন হয় কোজাগৰী লক্ষ্মী পূর্ণিমা বা শৰৎ পূর্ণিমাৰ দিনা ৷

আহিন মাহৰ পূর্ণিমা তিথিৰ লক্ষ্মীপূজাক সাধাৰণতে কোজাগৰী লক্ষ্মীপূজা বুলি কোৱা হয় ৷ কোজাগৰী শব্দৰ সাধাৰন অর্থ হ’ল “কো” “জাগর্তি”অর্থাৎ কোনোবা জাগি আছা নেকি ? উক্তদিনা সন্ধ্যাকালত মহালক্ষ্মী দেৱীক পূজা অর্চনা কৰি ৰাত্ৰি জাগৰণৰ নিয়ম আছে , বিশ্বাস কৰা হয় যে উক্ত দিনা বৈকুণ্ঠৰ পৰা মা লক্ষ্মী পৃচ্ছক বা ফেচাৰ ওপৰত বহি মর্ত্য ভ্ৰমণৰ উদ্দেশ্যে আহে যিহেতু ৰাত্ৰিৰ সময়ত আহে সেই হেতু দেৱীৰ বাহন ফেচা বুলি ক’ব পাৰি , কাৰণ ফেচা নিশাচৰ প্রাণী ৷লোকআস্হা অনুসৰি উক্তদিনা দেৱী সকলোৰে গৃহে গৃহে পদার্পন কৰে সেয়ে দেৱীৰ উদ্দেশ্যে ঘৰৰ বাহিৰে ভিতৰে ,চোতাল অথবা পদূলিমুখত চাকি – বন্তিৰে আলোকিত কৰি ৰাখে ৷যাতে দেৱীয়ে অতি সহজে তেওৰ উপাসনা হৈ থকা গৃহলৈ যাব পাৰে ৷ অসমীয়া সমাজত লক্ষ্মীপূজাৰ মহাত্ম্য যথেষ্ট সাত্বিক দেখা পোৱা যায় ৷ মাহ-প্রসাদ ,লাড়ু , খিচিৰি ,লক্ষ্মীনাম আদিৰে পৰিপূর্ণ হৈ পৰে দেৱীৰ পূজাৰ বিশেষ দিনটো সেয়ে লক্ষ্মীপূজা অসমৰ পটভূমিত অন্যতম বিশেষ ধর্মীয় উৎসৱ ৷ চঞ্চলা কমলা বা লক্ষ্মীক অচল কৰিবলৈ তেওৰ আৰাধনা খুবেই গুৰুত্বপূর্ণ ৷

লক্ষ্মীপূজাৰ দিনা চন্দ্ৰই অমৃতবর্ষন কৰে বুলি বিশ্বাস কৰা হয় ,সেয়ে বহুতো ঠাইত সেইদিনা পায়স বনাই সম্পূর্ণ নিশাটো চন্দ্ৰৰ পোহৰ পৰা ঠাইত ৰখা হয় যাতে চন্দ্ৰৰ সকাৰাত্মক উর্জাই পায়সৰ লগত মিশ্রিত হয় পৰে তথা পায়সখিনি অমৃততুল্য হৈ যায় ৷ অন্য কিছুমান ঠাইত আকৌ নাৰিকলৰ পানীও চকুত লয় যাতে চকুৰ ৰশ্মি আৰু সৌন্দর্য্য দুয়োটাই বৃদ্ধি হয় ৷

অসমীয়া কৃষিপ্রধান জাতি ৷ সেয়ে আই লক্ষ্মীৰ লগত অসমীয়াৰ বিশেষ সম্পর্ক আছে সেয়া কাতিবিহুৱে হওক অথবা লক্ষ্মীপূজাই হওক দুয়োটাৰ জৰিয়তে জনা যায় ৷ ঘট , পট, প্রতিমা ,ধান ,চাউল ,পইচা আদি যিকোনো সাংকেতিক লক্ষ্মীবস্তুৰ আগত পূজা জাগৰণ কৰে তথা আজিও অসমীয়া মানুহে পূর্বৰ পৰা চলি অহা পৰম্পৰা অনুসৰি একেই উদ্যম আৰু সৎভাৱনাৰে লক্ষ্মীপূজা অনুষ্ঠিত কৰে ৷ সেয়ে মা লক্ষ্মীৰ শ্রীচৰণত প্রার্থনা জনাও যাতে অসম আৰু অসমীয়াৰ ভেটি মজবুত হয় তথা শ্রীপূর্ণ হয় ৷


লেখক ধ্ৰুৱ জ্যোতি

Related Articles