Breaking

শ্ৰীলংকাৰ নৌসেনাই ভাৰত মহাসাগৰত ওপঙি থকা ট্ৰলাৰৰ পৰা ১০৪ গৰাকী ৰোহিংগীয়া মহিলা, পুৰুষ আৰু শিশুক উদ্ধাৰ…

0 44

শ্ৰীলংকাৰ নৌসেনাই ভাৰত মহাসাগৰত ওপঙি থকা ট্ৰলাৰৰ পৰা ১০৪ গৰাকী ৰোহিংগীয়া মহিলা, পুৰুষ আৰু শিশুক উদ্ধাৰ কৰিছে।

স্থানীয় সময় অনুসৰি দেওবাৰে নিশা শ্ৰীলংকাৰ উত্তৰ উপকূলৰ পৰা ৰোগিংগীয়া সকলক উদ্ধাৰ কৰিবলৈ সক্ষম হয় শ্ৰীলংকাৰ নৌ সেনা। শ্ৰীলংকাৰ নৌসেনাৰ মুখপাত্ৰ গায়ন উইক্ৰামছুৰিয়াই এই কথা সদৰী কৰিছে।

উইক্ৰামছুৰিয়াই কয় যে এই উদ্ধাৰ হোৱা ৰোহিংগীয়াসকলক আৰক্ষীৰ হাতত গতাই দিয়া হৈছে। সোধাপোচাৰ  পিছত আদালতত হাজিৰ কৰোওৱা হ’ব নাগৰিক সকলক। লগতে নৌসেনাৰ বিষয়াজনে কয় যে নৌসেনাৰ সদস্যসকলে শ্ৰীলংকাৰ উত্তৰ উপকূলৰ পৰা প্ৰায় ৭ কিলোমিটাৰ (৩.৫ নটিকেল মাইল) দূৰত্বত ট্ৰলাৰখন ওপঙি থকা দেখিছিল।

Leave A Reply

Your email address will not be published.