Breaking

লাহোৱালত দহদিনীয়াকৈ অনুষ্ঠিত শ্ৰী শ্ৰী ৰুদ্ৰচন্দী মহাযজ্ঞৰ আজি অন্তিমটো দিন, হাজাৰ হাজাৰ ভক্তৰ সমাগম…

0 27

লাহোৱালৰ প্ৰতিষ্ঠিত ব্যৱসায়ী জগদীশ চাহুৰ একক প্ৰচেষ্টাত আৰু স্থানীয় ৰাইজৰ সহযোগিতাত ২১জুলাইৰ পৰা চাহুৰ বাসগৃহত ১০দিনীয়াকৈ অনুষ্ঠিত কৰা হয় শ্ৰী শ্ৰী ৰুদ্ৰচন্দী মহাযজ্ঞ৷ মহাযজ্ঞৰ শুভাৰম্ভনিতে পানী তোলা পৰ্বৰ পিছতে যজ্ঞৰ শুভাৰম্ভ কৰা হৈছে বুলি জানিব পৰা গৈছে।

ৰাইজৰ সুখ-শান্তি আৰু মংগলাৰ্থে সুদীৰ্ঘ ২০বছৰৰ মূৰত আয়োজন কৰা এই ৰুদ্ৰচন্দ্ৰী মহাযজ্ঞত স্থানীয় ৰাইজৰ লগতে ভাৰতৰ ভিন্ন প্ৰান্তৰ পৰা ১১জনৰো অধিক বাবাৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ বহু লোকৰ সমাগম ঘটা পৰিলক্ষিত হৈছে৷

Leave A Reply

Your email address will not be published.