Breaking

গোৰ্খা জনগোষ্ঠীয়ে পালন কৰা শ্ৰী শ্ৰী স্বস্থানী ব্ৰত সম্পন্ন

0 31

সমগ্ৰ বিশ্বতে পুহ মাহৰ পৌষ শুক্ল পূৰ্ণিমাৰ পৰা আৰম্ভ কৰি মাঘ শুক্ল পূৰ্ণিমা অথৱা পঞ্চমীলৈকে পালন কৰা শ্ৰী শ্ৰী স্বস্থানী ব্ৰত কাৰ্য্যসূচী  ২১ ফেব্ৰুৱাৰীত  যৱনিকা পৰে।

বিশেষকৈ গোৰ্খা জনগোষ্ঠীৰ মহিলা অথৱা যুৱতী সকলে বিশ্ব শান্তিৰ লগতে নিজৰ ঘৰ আৰু সমাজৰ মঙ্গল কামনা কৰি প্ৰায় এমাহ ধৰি সাত্বিক আহাৰ গ্ৰহন কৰি দিনৰ মধ্যান্হ সময়ত শ্ৰীশ্ৰীস্বস্থানী ব্ৰত পালন কৰি ভগৱান শিৱৰ আৰাধনা কৰে। প্ৰায় দৈনিক এমাহ এই পূজা  কৰি নিৰ্দিষ্ট দিনত ৰাইজক নিমন্ত্ৰণ জনাই দিনব্যাপি পূজাৰ আয়োজন কৰি প্ৰসাদ কৰা হয়।

কোনোবাই ব্যক্তিগত ৰূপে কৰে যদিও অন্য কোনোবাই সামুহিক ৰূপেও এই ব্ৰত পালন কৰি আহিছে। যোৱা কেইদিনমান আগতে ওদালগুৰিৰ বিশ্বশান্তি নেপালী বিদ্যামন্দিৰত ওদালগুৰিবাসী গোৰ্খা মহিলাই এই ব্ৰত পালন কৰি সামৰণি পৰিছে যদিও অন্য কোনোবাই পঞ্চমী তিথিলৈকে এই পূজা পালন কৰি আহিছে। ২১ ফেব্ৰুৱাৰীত খাউৰাঙ নিবাসী মঞ্জু দেৱীৰ ঘৰতো এই ঐতিহাসিক পূজা তথা ব্ৰত আয়োজন কৰি সম্পন্ন হৈ যায়। সকলোৰে মঙ্গল আৰু নিজৰ সু-স্বাস্থ্যৰ লগতে ইচ্ছা পুৰনৰ কামনা কৰি আয়োজন কৰা ব্ৰত তথা পূজাৰ  ২১ ফেব্ৰুৱাৰী তাৰিখে সমাপ্ত হয়।

Leave A Reply

Your email address will not be published.