Breaking

শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ তিতাবৰ জিলা শাখাৰ উদ্যোগত শ্ৰীমন্ত শঙ্কৰদেৱৰ ৫৭৫ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ আৰু সেৱা বাহিনীৰ প্ৰতিষ্ঠা দিৱস উদযাপন…

0 56

শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ তিতাবৰ জিলা শাখাৰ উদ্যোগত শ্ৰীমন্ত শঙ্কৰদেৱৰ ৫৭৫ সংখ্যক আবিৰ্ভাৱ মহোৎসৱৰ লগতে সেৱা বাহিনীৰ ২৭ সংখ্যক প্ৰতিষ্ঠা দিৱস দেওবাৰে তিতাবৰ জিলা শাখাৰ নামঘৰত দিনযোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুস্থিত হয়। প্ৰাতঃ প্ৰসঙ্গ, পৰিৱেশ নিকাকৰণ, গছপুলি ৰোপণ, পতাকা উত্তোলন আৰু নামপ্ৰসঙ্গৰ পাছতে দুপৰীয়া তিতাবৰ জিলা শাখাৰ সভাপতি সুশীল গগৈৰ সভাপতিত্বত অনুষ্ঠিত আৰু সহকাৰী সম্পাদক প্ৰাচুৰ্য প্ৰতীম বৰাই আঁত ধৰা ধৰ্মালোচনী সভা উদ্বোধন কৰে সঙ্ঘৰ তিতাবৰ জিলা শাখাৰ মাধৱদেৱ বঁটা প্ৰাপক ৰেৱানন্দ বৰুৱাই। অৰ্চনা ফুকনৰ বৰগীত পৰিৱেশনেৰে শুভাৰম্ভ হোৱা অনুষ্ঠানত সদৌ অসম কবি সন্মিলনৰ উপ-সভাপতি উজ্জ্বল পাওগামে জিলা শাখাৰ বাৰ্ষিক আলোচনী ‘অমৃত নিজৰা’ আৰু তিতাবৰৰ নন্দনাথ শইকীয়া মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডঃ সুৰেশ চন্দ্ৰ ৰাজখোৱাই ‘অনন্তকৌটি ব্ৰহ্মাণ্ডৰ হৰি অধিকাৰী’ শীৰ্ষক এখনি গ্ৰন্থও উন্মোচন কৰে।

সঙ্ঘৰ দক্ষতা বিকাশ, আধ্যাত্মিক চিন্তন আৰু সংগঠনৰ সমন্বয়ক বিনীত বৰাই নিৰ্দিষ্ট বক্তাৰ ভাষণ আগবঢ়োৱা সভাত সঙ্ঘৰ তিতাবৰ জিলা শাখাৰ শৰণ সদস্য প্ৰেম গোৱালা, ঘনকান্ত শইকীয়া, দাতা সদস্য প্ৰাণ কুৰ্মী, অজিত বৰা, দেৱেন বৰা, বিশ্বেশ্বৰ ফুকন, ডঃ অখিল কুমাৰ গগৈ, মূলৰ সদস্য, বিজু হাজৰিকা গুৰুজনাৰ নীতি -আদৰ্শ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা গ্ৰহণ কৰি অহা সঙ্ঘৰ একনিষ্ঠ সঙ্গী, কৃতী শিক্ষক প্ৰদীপ কুৰ্মী, ত্ৰৈলোক্য দেৱ শইকীয়া প্ৰমুখ্যে কেইবাগৰাকী গণ্য -মান্য ব্যক্তিয়ে অংশ গ্ৰহণ কৰে। তিতাবৰৰ বিভিন্ন প্ৰান্তৰ সঙ্ঘৰ সঙ্গী তথা জিলা সেৱা বাহিনীৰ সেৱক-সেৱিকাসকল উপস্থিত থকা আৰু জিলা শাখাৰ প্ৰতিযোগিতাত প্ৰথম স্থান প্ৰাপ্ত এগৰাকী শিশু বক্তাইও ভাষণ প্ৰদান কৰা সভাত ইতিপূৰ্বে অনুস্থিত শিশু, যুৱ, আই-মাতৃ সমাৰোহৰ স্থান প্ৰাপ্ত সকলক বঁটা প্ৰদান কৰে। সভাৰ অন্তত পতাকা অবনমনৰ পাছত তিতাবৰ জিলা শাখাৰ শৰণ সদস্য অজিত বৰাই উদ্বোধন কৰা আৰু শঙ্কৰী সঙ্গীত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা ‘শকুনিৰ প্ৰতিশোধ’ ভাওনা প্ৰদৰ্শনেৰে শ্ৰীমন্ত শঙ্কৰদেৱৰ ৫৭৫ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ আৰু সেৱা বাহিনীৰ ২৭ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ সামৰণি পৰে।

Leave A Reply

Your email address will not be published.