Breaking

শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰত বিনীত দেবীৰ পৰিচালনাত “শ্ৰীমন্ত শঙ্কৰদেৱৰ শিশুকাল” পুতলা নাট মঞ্চস্থ

0 1,559

ভাৰত চৰকাৰৰ সংগীত নাটক অকাডেমিৰ সহযোগত আৰু সুৰজিৎ একাডেমীৰ সৌজন্যত যোৱা ২০ আগষ্টত শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰৰ ড.বাণীকান্ত কাকতি প্ৰেক্ষাগৃহত “শ্ৰীমন্তশংকৰদেৱৰ শিশুকাল” নাট খন বুনৰাকো পুতলাৰ মাধ্যমত পৰিবেশন কৰা হয় । নাট খনৰ ৰচনা শুৱালকুছি বুদৰাম মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয়ৰ অধ্যাপক তথা ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ পৰা ছিনিয়ৰ ফেল’শ্বিপ প্ৰাপ্ত সীমান্ত শৰ্মাৰ আৰু পৰিচালনা ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ পৰা ৰাষ্ট্ৰীয় টেগৰ ৰিচাৰ্ছ স্কলাৰ প্ৰাপ্ত বিনীতা দেৱীৰ। সংগীত পৰিচালনা অভিজিৎ বৰ্মনৰ। নাট কাৰ্যক্ৰমত মুখ্য অতিথি তথা উদ্ধোধন কৰে শ্ৰীশ্ৰী বৰদোৱা মহুৱা সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰী দেবানন্দ গোস্বামী প্ৰভু আৰু বিশিষ্ট অতিথি হিচাপে থাকে আকাশৱানী গুৱাহাটী কেন্দ্ৰৰ অৱসৰ প্ৰাপ্ত সঞ্চালক দিনেশ চন্দ্ৰ দাস। নাট কাৰ্যক্ৰমৰ সন্ধিয়াৰ এটি বিশেষত্ব হল অসমত পোন প্ৰথমবাৰৰ বাবে শ্ৰীমন্তশঙ্কৰদেৱৰ শিশুকালৰ আধাৰত ৰচিত নাট পুতলা সমূহ বুনৰাকো মাধ্যমত পৰিবেশিত কৰোৱা। পুতলা নাট খনৰ প্ৰতিটো দৃশ্য পুতলা সঞ্চালন কৰা শিল্পী সকলে সুন্দৰ ভাবে সঞ্চালন কৰিছে। পুতলাৰ খোজ, অংগী- ভঙ্গী, শৰীৰৰ সঞ্চালন, নদীত সতুৰা, শিহুৰ লগত খেলা, চৰাই ধৰা, সাপ, গাই গৰু সঞ্চালন আদি সকলো দিশ জীৱন্ত ৰূপত দাঙি ধৰিব পাৰিছে।


পুতলা সমূহ যেন মানৱৰ তেনে অনুভৱ কৰি তুলিছিল। নাট খনত মঞ্চ সজ্জা, আলোকৰ ব্যবস্থাপনা সুন্দৰ ভাৱে প্ৰতিফলিত কৰিছে। নাট খনত পুতলাৰ মাধ্যমত শঙ্কৰদেৱ, খেৰসূতী, মহেন্দ্ৰ কন্দলী, নৱ প্ৰসুতা, শিশু দুগৰাকী সঞ্চালনত কোনো ধৰনৰ জড়তা নাছিল। পুতলা নাটৰ পৰিচালক বিনীতা দেৱীয়ে সুন্দৰ ভাৱে পুতলা সমূহ জীৱন্ত ৰূপ দি দৰ্শকৰ আগত মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ শিশুকালৰ ঐশ্বৰিক শক্তি বিৰাজ মান কৰাইছিল। নাটত বিশেষকৈ শ্ৰীমন্ত শংকৰদেৱ ভাৰতৰ অসমৰ সাংস্কৃতিক আৰু ধৰ্মীয় ইতিহাসৰ এক বিশাল ব্যক্তিত্ব দেখুওৱা হৈছিল। শংকৰদেৱৰ শৈশৱৰ পৰা আন সকলো শিশুৰ তুলনাত কিছুমান ব্যতিক্ৰমী গুণ আছিল। শংকৰদেৱৰ সৰুৰে পৰা জীৱ-জন্তু আৰু চৰাই-চিৰিকটিৰ প্ৰতি এক প্ৰকৃত প্ৰেম আছিল। শিশু শংকৰলৈ পাৰ হোৱা প্ৰত্যাহ্বানসমূহ অতিক্ৰম কৰাত তেওঁৰ ভূমিকা এক ঐশ্বৰিক শক্তি বুলি প্ৰমাণিত হৈছিল। এই নাটকখনত শংকৰদেৱৰ অলৌকিক কৃতিত্ব আৰু শিশু শংকৰদেৱৰ অলৌকিক ঘটনাসমূহ পুতলাৰ জৰিয়তেও সম্ভব কৰি তুলিছিল বিনীতা দেৱীৰ পৰিচালনাত শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰৰ ড. বাণী কান্ত কাকতি প্রেক্ষাগৃহতউল্লেখনীয় দিশযে শ্ৰীমন্ত শঙ্কৰদেৱৰ জীৱনৰ ওপৰত অসমৰ মঞ্চত প্ৰথম বাৰ মঞ্চায়ন সুৰজিৎ একাডেমীৰ শিল্পী সকলৰ। নাটৰ সাজ সজ্জাত তৃষ্ণা ৰাজবংশী প্ৰশংসাৰ যোগ্য। সম্পুৰ্ণ অসমীয়া সাজ পাৰৰ লগতে শ্ৰীমন্ত শংকৰদেৱৰ সময়ৰ সাজপোছাক দাঙি ধৰিব পাৰিছে। নাট খন চাই মুখ্য অতিথি শ্ৰীশ্ৰী বৰদোৱা মহুৱা সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰী দেবানন্দ গোস্বামী অভিভূত হৈ পৰে। মহাপুৰুষ জনাৰ শৈশৱ কালৰ ঐশ্বৰিক শক্তি সমূহ পুতলাৰ জৰিয়তে দেখি নাটৰ ৰচক আৰু পৰিচালকক প্ৰশংসা কৰে। মহাপুৰুষ জনাৰ জীৱন কাহিনী মঞ্চত দেখি সেৱা জনায়। নাটৰ মুখ্য চৰিত্ৰত শংকৰদেৱৰ চৰিত্ৰত কণ্ঠৰ শব্দৰে অভিনয় কৰা হাৰ্ডিক শৰ্মাক আপ্লুত হৈ আঁকোৱালি লয়। এই নাট কাৰ্যক্ৰমৰ এনে এক মহান কাৰ্য্যই অসমৰ বাবে শুভ লক্ষণ ।

শিক্ষাৰ ক্ষেত্ৰটো এই ধৰণৰ নাট বিশেষ অৰিহণা যোগাব আৰু সমাজত আধ্যাত্মিক দিশৰে এক নতুন দিগন্ত সূচনা হব বুলি বক্তব্য দাঙি ধৰে আৰু আকাশৱানী গুৱাহাটী কেন্দ্ৰৰ অৱসৰ প্ৰাপ্ত সঞ্চালক দিনেশ চন্দ্ৰ দাসে নাট খন চাই শিল্পী সকলক প্ৰসংসা কৰে। নাট খনৰ প্ৰতিটো দৃশ্য খুব সুন্দৰ ভাৱে প্ৰতিফলিত কৰাত তেখেতে বিনীতা দেৱীক প্ৰসংশা কৰে। এনে ধৰণৰ গৱেষণামূলক নাট যাতে পৰিবেশিত কৰাই অসমৰ লোক কলাবিধ আগবঢ়াই নিয়ে তাকেই তেওঁ বক্তব্য দাঙি ধৰে। মহাপুৰুষ শংকৰদেৱৰ শৈশৱ মঞ্চত উপস্থাপন কৰাত নাট উপভোগ কৰিব অহা সকলো সাংস্কৃতিক কৰ্মী, শিক্ষাবিদ, গৱেষক, বহু কেইখন বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে নাটখনৰ ৰচক আৰু পৰিচালকৰ এই মহান সৃষ্টিক প্ৰসংশা কৰে। পুতলা নাট খন শিল্পী সকল হল ধ্ৰুৱ জ্যোতি কলিতা, বিনীতা দেৱী, গীতিমা দাস, সীমা দেৱী, হাৰ্দিক শৰ্মা, প্ৰণৱ জ্যোতি ৰাভা, তৃষ্ণা ৰাজবংশী, পলক কৈৰী, কৰিশ্মিতা তালুকদাৰ, প্রতিক্ষা বৰুৱা, কৃষ্টি ৰাজবংশী, নিহাৰিকা দাস, হিমাক্ষী দাস। উক্ত নাট কাৰ্যক্ৰম আতধৰে আবৃত্তিকাৰ- অভিনেতা নীহাৰেন্দ্ৰ শৰ্মাই ।

Leave A Reply

Your email address will not be published.