ঢকুৱাখনা ২৬ মাৰ্চ, ২০২৫ :srimanta sankaradeva । শ্ৰীমন্ত শংকৰদেৱ সঙ্ঘ ঢকুৱাখনা জিলা শাখাৰ সোৱণশিৰি শঙ্কৰ-মাধৱ আঞ্চলিক শাখাৰ অন্তৰ্গত মৰনৈ চাপৰি প্ৰাথমিক শাখাৰ ৰূপালী জয়ন্তী মহোৎসৱ উদযাপনৰ বাবে পূৰ্ণগতিত প্ৰস্তুতি চলাইছে উদযাপন সমিতিয়ে। সভাপতি সদা ভৰালী, কাৰ্যকৰী সভাপতি দিগেন চুতীয়া আৰু সম্পাদক প্ৰহ্লাদ চুতীয়াক লৈ এখন শক্তিশালী উদযাপন সমিতি গঠনেৰে ৮ খনকৈ উপসমিতি গঠন কৰি যাৱতীয় কাম কাজ চলাই নিছে। ১৯৯৩ চনতে প্ৰতিষ্ঠা লাভ কৰা প্ৰাথমিক শাখাখনিৰ স্মৃতি ৰোমন্থন, ইতিহাস সংৰক্ষণ আৰু ভৱিষ্যত প্ৰজন্মৰ বাবে এক আদৰ্শ হিচাবে চিনাকি দিয়াৰ লক্ষ্যৰে অহা ইংৰাজী ২৯ আৰু ৩০ মাৰ্চ তাৰিখে শনি আৰু দেওবাৰে দুদিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে ৰূপালী জয়ন্তী মহোৎসৱ।কাৰ্যসূচী অনুসৰি প্ৰথমদিনা পুৱা উষা কীৰ্ত্তন, পৰিৱেশ নিকাকৰণ,শাখাৰ প্ৰাক্তন সভাপতি যোগেন চুতীয়া আৰু লীলাৰাম খনিকৰে গছপুলি ৰোপণ,তোৰণ উন্মোচন, শৰাই প্ৰতিষ্ঠা, নাম প্ৰসংগ, ভাগৱত পাঠৰ পিছতে মঞ্চ উন্মোচন কৰিব সহকাৰী শিক্ষক ৰঞ্জন কৃষ্ণ খনিকৰে।শাখাৰ সভাপতি নিকুঞ্জ মোহন ভৰালীৰ সভাপতিত্বত প্ৰাক্তন সভাপতি-সম্পাদকৰ সন্মিলন, যুৱ সমাৰোহৰ পিছতে আই মাতৃ সমাৰোহ আৰম্ভ হ’ব।নমিতা খনিকৰৰ সঞ্চালনাত উদ্ধোধন কৰিব ঢকুৱাখনা জিলা শাখাৰ সদস্যা বুলুমাই খনিকৰে।বিয়লিলৈ সাহিত্য শাখা উদ্ধোধন কৰিব অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক জ্যোতিপ্ৰসাদ পেগুৱে।

সন্ধা বন্তি প্ৰজ্বলন কৰিব সঙ্গী ৰত্ন চুতীয়াই।শৰাই প্ৰতিষ্ঠা, নাম প্ৰসঙ্গৰ পিছতে গধূলিলৈ সাংস্কৃতিক সমাৰোহ অনুষ্ঠিত হ’ব। উপদেষ্টা গুণাধৰ খনিকৰে সঞ্চালনা কৰা অনুষ্ঠানটি উদ্ধোধন কৰিব ঢকুৱাখনা জিলা শাখাৰ সংস্কৃতি শাখাৰ সভাপতি কনক কোঁৱৰে। ইফালে দ্বিতীয় দিনা পুৱা পৰিৱেশ নিকাকৰণ, শৰাই প্ৰতিষ্ঠা, নাম প্ৰসংগৰ পিছতে ধৰ্মধ্বজা উত্তোলন কৰিব শাখাৰ সভাপতি নিকুঞ্জ মোহন ভৰালীয়ে।সঞ্চালক বিটু চুতীয়াৰ সভাপতিত্বত “ৰূপতীৰ্থ” স্মৃতিগ্ৰন্থ উন্মোচনী সভাখনি উদ্ধোধন কৰিব প্ৰাক্তন সংস্কৃতি শাখাৰ সম্পাদক উৎপল চুতীয়াই। দুপৰীয়া অনুষ্ঠিত হ’ব মুকলি সভা। শাখাৰ সভাপতি নিকুঞ্জ মোহন ভৰালীৰ সভাপতিত্বত অনুষ্ঠিত সভাখনি উদ্ধোধন কৰিব মৰনৈ চাপৰি প্ৰাথমিক শাখাৰ প্ৰতিষ্ঠাপক সম্পাদক মূলাৰাম খনিকৰে।ঢকুৱাখনা জিলা শাখাৰ সভাপতি পূৰ্ণানন্দ গগৈয়ে মুখ্য অতিথি, বিধায়ক নৱকুমাৰ দলেৰ সন্মানীয় অতিথি আৰু নিদিষ্ট বক্তা হিচাবে বিশিষ্ট সাহিত্যিক আৰু শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ প্ৰচাৰক ড° হেমন্ত কুমাৰ দাসে ।ইফালে বিশিষ্ট অতিথি হিচাপে শৰণ সদস্য থানেশ্বৰ বড়া,শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ মূলৰ সদস্য দেৱকুমাৰ গগৈ, বগেন কোচ,ঢকুৱাখনা জিলা শাখাৰ সম্পাদক হেমন্ত ভৰালী, সোৱণশিৰি শঙ্কৰ-মাধৱ আঞ্চলিক শাখাৰ সভাপতি জীৱন চুতীয়া, সম্পাদক হিৰণ্য দত্ত, সমজিলাৰ আয়ুক্ত কাৰ্তিক কলিতা, খণ্ড উন্নয়ন বিষয়া জিম্পী শইকীয়াই। ইফালে কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকিব।সন্ধা ধৰ্মধ্বজা অৱতৰণ,বন্তি প্ৰজ্বলন আৰু শৰাই প্ৰতিষ্ঠা, নাম প্ৰসঙ্গ আৰু নিশালৈ বিপ্ৰ দামোদৰ আখ্যান, দন্তবক্ৰৰ মুক্তি লাভ ভাওনাখনি প্ৰদৰ্শন কৰিব।ভাওনাখনি সেৱকী হিচাবে আগবঢ়াইছে উত্তম চুতীয়া আৰু পৰিয়ালবৰ্গই। সেয়েহে ৰূপালী জয়ন্তী মহোৎসৱ ভাগি সফল ৰূপায়ণৰ বাবে সকলো ভক্ত প্ৰাণ ৰাইজ,আই -বাপ,যুৱক-যুৱতীৰ উপস্থিতি কামনা কৰিছে সম্পাদক প্ৰহ্লাদ চুতীয়াই।